NORTHEAST NOW (Assamese)

ত্ৰিপুৰাৰ বাওঁমৰ্চা চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ ‘অভিযোগনামা’ প্ৰকাশ

February 10, 2018 10:25 am · এন ই নাও নিউজ
Updated: February 10, 2018 2:42 pm

আসন্ন নিৰ্বাচনৰ প্ৰচাৰৰ অংশ হিচাপে বিজেপি দলে ত্ৰিপুৰাত তেওঁলোকৰ নিৰ্বাচনী যুদ্ধ জোৰদাৰ কৰি তুলিছে। মেঘালয়ৰ পিছত এইবাৰ বিজেপিয়ে ত্ৰিপুৰাৰ শাসনাধিষ্ঠিত বাওঁমৰ্চা চৰকাৰৰ বিৰুদ্ধে প্ৰকাশ কৰি উলিয়াইছে এখন ‘অভিযোগনামা’।

শুকুৰবাৰে এই অভিযোগনামা দাখিল কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে অভিযোগনামাত উল্লেখিত বিষয়সমূহৰ চি পি আই(এম) নেতা তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মাণিক সৰকাৰক উত্তৰ দিবলৈ আহ্বান জনাইছে।

শাসক দলৰ বিৰুদ্ধে হত্যা, সন্ত্ৰাস আৰু দুৰ্নীতিৰ তথ্য দাঙি ধৰি ৰাজ্যৰ বাওঁমৰ্চা চৰকাৰক ইয়াৰ বাবে দোষী সাৱ্যস্ত কৰা হৈছে।

অভিযোগনামা ৰাজহুৱা কৰি ৰাম মাধৱে কয় যে ২৫ বছৰ ধৰি চৰকাৰ চলাই থকাসকলৰ বিৰুদ্ধে ব্যাপক অভিযোগ আছে। ৰাজ্যৰ জনসাধাৰণ তেওঁলোকৰ প্ৰতি বিতুষ্ট হৈ পৰিছে আৰু তেওঁলোকে পৰিৱৰ্তন বিচাৰিছে।

ৰাজ্যৰ জনসাধাৰণে এতিয়া বিজেপিৰ মাজতে আশাৰ পোহৰ দেখা পাইছে বুলি উল্লেখ কৰি ৰাম মাধৱে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশাল সভা দুখনত ৰাইজৰ সমাগম দেখি চি পি এমে পলোৱাৰ চেষ্টা কৰিছে।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে ২৫ বছৰৰ লুণ্ঠন, জংঘলৰাজ, ২৫ বছৰত নিবনুৱাৰ সংখ্যা ৭৫,০০০ৰ পৰা বাঢ়ি চাৰে সাত লাখ হোৱা, চৰকাৰী সম্পদৰ লুণ্ঠন, দৰিদ্ৰ শোচনীয় অৱস্থা, ৰোজভেলি কেলেংকাৰি, নাৰী নিৰ্যাতন, সপ্তম দৰমহা আয়োগৰ পৰা বঞ্চনা, চৰম স্বাস্থ্য ব্যৱস্থা, খোৱা পানীৰ অভাৱ, সাংবাদিক হত্যাকে ধৰি বিভিন্ন বিষয় অভিযোগনামাত উল্লেখ কৰা হৈছে আৰু চিপিএমে এই বিষয়বোৰত জনতাক উত্তৰ দিব লাগিব।

ৰাম মাধৱে কয়,’মুখ্যমন্ত্ৰীয়ে নিজকে সৎ,নিকা বুলি প্ৰচাৰ কৰে। কিন্তু হিংসাবাদী, অত্যাচাৰী আৰু ভ্ৰষ্টাচাৰীসকলক তেওঁ প্ৰাধান্য দিছে। তেওঁলোকৰ জৰিয়তে তেওঁ চৰকাৰ পৰিচালনা কৰিছে আৰু নিজকে নিকা বুলি প্ৰচাৰ চলাইছে। তেওঁ এইসকলৰ নেতা। গতিকে, এই সকলোবোৰ বিষয়ৰ দায়িত্বও তেওঁৱেই গ্ৰহণ কৰিব লাগিব।’

Related News