NORTHEAST NOW (Assamese)

ত্ৰিপুৰাৰ ১১ বছৰীয়া শিশুৰ হত্যাত জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ

June 28, 2018 2:56 pm · পিনাকী দাস

যোৱা মঙলবাৰে পশ্চিম ত্ৰিপুৰা জিলাত এটি ১১ বছৰীয়া বালকক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাত জড়িত দুজন কিশোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে পশ্চিম ত্ৰিপুৰা জিলাৰ সীমনা আৰক্ষী থানাৰ অন্তৰ্গত ভূমিহীন কলনিৰ বাসিন্দা বালকজনৰ মৃতদেহ মঙলবাৰে সন্ধিয়া দুয়োটা কিডনি অন্তৰ্ধান হোৱা অৱস্থাত ক্ষত-বিক্ষত ৰূপত উদ্ধাৰ হৈছিল।

আৰক্ষীয়ে জনোৱা মতে ধৃত অভিযুক্ত দুজনৰ এজন শিশুটিৰ সম্পৰ্কীয় ককায়েক হোৱাৰ বিপৰীতে আনজন অভিযুক্ত তেওঁৰ বন্ধু আছিল আছিল বুলি জানিব পৰা গৈছে।

আনহাতে, আৰক্ষীয়ে হত্যকাণ্ডত ব্যৱহৃত হোৱা এখন কুঠাৰ আৰু লাঠী উদ্ধাৰ কৰিছে।

ত্ৰিপুৰাৰ আই জি পি কে ভি শ্ৰীজেশে জনোৱা মতে পৰিয়ালৰ মাজত হোৱা মাটী-বাৰীৰ সংঘাটৰ বাবেই হত্যাকাণ্ডটো সংঘটিত হ’ল।

আনহাতে, এই ঘটনাৰ সংক্ৰান্তত আন এজন লোককো আৰক্ষীয়ে আটক কৰিছে।

Related News