NORTHEAST NOW (Assamese)

ত্ৰিপুৰা : কংগ্ৰেছ কাৰ্যালয় উচ্ছেদৰ প্ৰতিবাদত ‘আক্ৰোশ ৰেলী’

May 17, 2018 6:22 pm · এন ই নাও নিউজ

ত্ৰিপুৰা ৰাজ্য চৰকাৰৰ প্ৰশাসনে যোৱা ৭ মে’ত অবৈধভাৱে চৰকাৰী ভূমিত নিৰ্মান কৰাৰ অভিযোগ উত্থাপন কৰি উচ্ছেদ অভিযান চলাইছিল কংগ্ৰেছৰ কাৰ্যালয়ত। ৰাজ্য চৰকাৰৰ উক্ত হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি আজি ত্ৰিপুৰা কংগ্ৰেছে  ‘আক্ৰোশ ৰেলী’  উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ত্ৰিপুৰা কংগ্ৰেছৰ ৰাজ্যিক সভাপতি বিৰজিত সিনহাৰ নেতৃত্বত চলা এই ‘আক্ৰোশ ৰেলী’ ত প্ৰাক্তন বিধায়ক গোপাল ৰয়ৰ লগতে শীৰ্ষ পৰ্যায়ৰ বিভিন্ন নেত্ৰী-বৃন্দ উপস্থিত আছিল।

চৰকাৰৰ উক্ত হঠকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে উলিওৱা সমদলত অংশ লোৱা এশৰো অধিক কংগ্ৰেছ প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰে।

এই সন্দৰ্ভত ত্ৰিপুৰা কংগ্ৰেছৰ ৰাজ্যিক সভাপতি বিৰজিত সিনহাই কয় যে বিজেপিৰ শাসনে গণতন্ত্ৰক বেয়াকৈ আঘাত কৰিছে। বিজেপি-আইপিএফটি মিত্ৰজোঁটৰ চৰকাৰখনে ৰাজনৈতিক লাভা লাভ লোৱাৰ উদ্দেশ্যে কোনো আগতীয়া জাননি নিদিয়াকৈয়ে কাৰ্যালয়টোত উচ্ছেদ কাৰ্য চলোৱাৰ অভিযোগ উত্থাপন কৰিছে অধ্যক্ষগৰাকীৰ লগতে কংগ্ৰেছ দলে।

কংগ্ৰেছৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে ভাৰতত বৃটিছে চলোৱা শাসনতকৈও ভয়াবহ শাসন চলাইছে ত্ৰিপুৰাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে। তেওঁ আৰু কয়, ‘শাসনত অহা দুমাহ পাছতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে আগৰতলাস্থিত ৬০-৭০ বছৰীয়া পুৰণি কংগ্ৰেছৰ কাৰ্যালয়টো ভাধি পেলালে।‘

Related News