NORTHEAST NOW (Assamese)

ত্ৰিপুৰা মুখ্য মন্ত্ৰীৰ অতিৰিক্ত সচিবলৈ ‘ৰাজহুৱা প্ৰশাসনত প্ৰধান মন্ত্ৰীৰ শ্ৰেষ্ঠতা বঁটা’

April 22, 2018 9:54 pm · এন ই নাও নিউজ

ত্ৰিপুৰা মুখ্য মন্ত্ৰীৰ অতিৰিক্ত সচিব ড০ মিলিণ্ড ৰামটেকে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা ‘ৰাজহুৱা প্ৰশাসনত প্ৰধান মন্ত্ৰীৰ শ্ৰেষ্ঠতা বঁটা’ লাভ কৰে।

‘প্ৰধান মন্ত্ৰী ফছল বিমা যোজনা’ৰ ৰূপায়নৰ ক্ষেত্ৰত আগবঢ়োৱা সফলতাৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়।

কালি অসামৰিক সেৱা দিৱস, ২০১৮ উপলক্ষে কৰ্মচাৰীৰ ৰাজহুৱা অভাৱ-অভিযোগ আৰু পেঞ্চন মন্ত্ৰ্যালয়ৰ অন্তৰ্গত প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভাৱ-অভিযোগ বিভাগৰ উদ্যোগত নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এক অনুষ্ঠানত প্ৰধান মন্ত্ৰী মোদীয়ে তেওঁক উক্ত বঁটা প্ৰদান কৰে।

 

ড়০ ৰামটেকেই, যি বৰ্তমান পশ্চিম ত্ৰিপুৰা জিলাৰ জিলা ন্যায়াধিশৰো দায়িত্বত আছে, কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালক অৰুণ ভট্টচাৰ্যৰ সৈতে এই কৃতিত্ব ভগাই লয়।

কালিৰ উক্ত অনুষ্ঠানত কেন্দ্ৰ তথা অন্যান্য ৰাজ্যৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়-ববিয়া উপস্থিত আছিল।

Related News