আজি ৩নং উদয়পুৰস্থিত দীননাথ উপাধ্যায়ৰ বাসগৃহত সংবাদমেলৰ জড়িয়তে গোৰ্খা ছাত্ৰ সন্থাৰ টিৰাপ জাগুন আঞ্চলিক সমিতিৰ লগতে পৰিয়ালৰ লোকে দীননাথক মুক্তি দিবলৈ আলফালৈ আবেদন জনায়৷ তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত উজনি ফানেংস্থিত এখন ক্ষুদ্ৰ চাহ বাগিচাৰ পৰা যোৱা ৮ জুনৰ দিনৰ প্ৰায় ১১-৩০ বজাত সন্দেহজনক আলফা (স্বাধীন) উগ্ৰপন্থীয়ে বাগিচাৰ মহৰি দীননাথ উপাধ্যায়ক অপহৰণ কৰি নিছিল। তেওঁক সুস্থ শৰীৰে বিনা চৰ্তে মুক্তি দিবলৈ অপহৰণকাৰীসকললৈ আহ্বান জনাইছে পৰিয়ালৰ লোকৰ লগতে গোৰ্খা ছাত্ৰ সন্থাই৷
পত্নীসহ দুটি সন্তানৰ পৰিয়ালটোক কোনোমতে পোহপাল দি থকা দীননাথৰ অনুপস্থিতিত পৰিয়ালটোলৈ অমানিশা নামি অহিছে বুলি সংবাদমেলত দীননাথৰ পত্নীয়ে অৱগত কৰি মানৱীয়তাৰ খাতিৰতে তেওঁক সুস্থ শৰীৰে মুকলি কৰি দিবলৈ আহ্বান জনায়৷ ইপিনে অপহৰণকাণ্ডৰ তিনি দিন অতিক্ৰম কৰাৰ পিছতো কোনো সংগঠনে অপহৰণৰ দায়িত্ব স্বীকাৰ নকৰাত পৰিয়ালটো চিন্তিত হৈ পৰা লগতে মানসিক ভাৱে ভাগি পৰিছে৷
ইপিনে বিগত তিনিদিন ধৰি সেনা-আৰক্ষীয়ে দীননাথৰ সন্ধানত অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলকে ধৰি অৰুণাচল-ম্যানমাৰ সীমান্ততো অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো সুং-সূত্ৰ লাভ কৰা নাই৷ তাৎপৰ্য্যপূৰ্ণ ভাৱে কালিলৈকে মবাইলৰ সংযোগ বিচ্ছিন্ন হৈ থকা দীননাথৰ ম’বাইলটো আজি ৰিং হয় যদিও ৰিচিভ নকৰাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷
আনহাতে কৰ্মৰত ক্ষুদ্ৰ চাহ বাগিচাখনৰ স্বত্বাধিকাৰী তথা জাগুনৰ ব্যৱসায়ী ৰাধা চেতিয়াই সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকি ৰহস্যজনক ভূমিকা গ্ৰহণ কৰা বিষয়টো লক্ষণীয় হৈ পৰিছে৷