• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দীৰ্ঘ দিন বন্ধ হৈ থকা ৰূপসী বিমান বন্দৰ শীঘ্ৰে কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2018 7:49 am
Representative Picture
284
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে ধুবুৰী জিলা সংলগ্ন বিটিএডিৰ ৰূপসী বিমান বন্দৰ নিৰীক্ষণৰ বাবে উপস্থিত হয় এয়াৰপ’ৰ্ট অথ’ৰিটী অৱ ইণ্ডিয়াৰ উচ্চপদস্থ বিষয়াৰ এটি প্ৰতিনিধি দল। প্ৰতিনিধি দলটোত এয়াৰপ’ৰ্ট অথ’ৰিটী অৱ ইণ্ডিয়াৰ উচ্চপদস্থ বিষয়া টি কে দত্ত, তাপস দত্ত আৰু ভি কে শৰ্মা উপস্থিত থাকে।

উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তথা ইংৰাজৰ শাসন কালতে নিৰ্মাণ কৰা ৰূপসী বিমান বন্দৰটো বহু বছৰ আগৰে পৰা বন্ধ হৈ পৰাৰ বিপৰীতে এতিয়া সমগ্ৰ অঞ্চল ঘন বন-জংঘলেৰে আৱৰি আছে।

বিমান বন্দৰটোৰ পুতৌ লগা ছৱি দেখি ধুবুৰী আৰু কোকৰাঝাৰৰ বিভিন্ন দল-সংগঠনে বিমান বন্দৰটো পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে বিভিন্ন সময়ৰ পৰা দাবী উত্থাপন কৰি আহিছে। বিভিন্ন দল-সংগঠনৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে কিছুদিন পূৰ্বে এক বিশেষ আঁচনিৰ অধীনত উত্তৰ-পূবৰ  পাঁচটা বিমান বন্দৰ পুনৰ কাৰ্যক্ষম কৰি তুলিব বুলি ঘোষণা কৰিছিল।

কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা মৰ্মে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা অসম চৰকাৰ আৰু বি টি চি প্ৰসানৰ লগত বিমান বন্দৰ নিৰীক্ষণ সম্পৰ্কে যোগাযোগ কৰে। আৰু বৃহস্পতিবাৰে এয়াৰপ’ৰ্ট অথ’ৰিটী অৱ ইণ্ডিয়াৰ উচ্চপদস্থ বিষয়াৰ এই প্ৰতিনিধি দলটো উপস্থিত হয়। ইফালে দলটো উপস্থিত হৈ বি টি চি প্ৰশাসনৰ সৈতে এক আলোচনাত মিলিত হয়। এই আলোচনাতে বি টি চি প্ৰশাসনে এয়াৰপ’ৰ্ট অথ’ৰিটী অৱ ইণ্ডিয়াৰ উচ্চপদস্থ বিষয়াৰ প্ৰতিনিধি দলটোৰ হাতত ৰূপসী বিমান বন্দৰ বাবে মুঠ ১ হাজাৰ ৭১ বিঘা মাটি হস্তান্তৰ কৰে। ভূমি হস্তান্তৰ প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত বি টি চি প্ৰশাসনীয় বিষয়াৰ সৈতে প্ৰতিনিধি দলটো উপস্থিত হয় বিমান বন্দৰত।

বিমান বন্দৰত উপস্থিত হৈ বন্দৰটোৰ বিভিন্ন জোখ মাপ কৰে আৰু বন্দৰটোৰ কিছু মাটি পৰীক্ষণৰ বাবে লৈ যায় প্ৰতিনিধি দলটোৱে।

উল্লেখ্য যে বিগত বহুকেইবাৰ বিভিন্ন পৰ্যায়ৰ প্ৰতিনিধি দল উক্ত বিমান বন্দৰত উপস্থিত হৈ তদন্ত কৰি গৈছে যদিও বৰ্তমান পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

আনহাতে বৃহস্পতিবাৰে এয়াৰপ’ৰ্ট অথ’ৰিটী অৱ ইণ্ডিয়াৰ উচ্চপদস্থ বিষয়াই বিমান বন্দৰটো নিৰীক্ষণ কৰি যোৱাৰ পিছত শীঘ্ৰে কাৰ্যক্ষম কৰি তোলাৰ বাবে বিহিত ব্যৱস্থা ল’ব বুলি বি টি চি প্ৰশাসন তথা দল-সংগঠনে আশা প্ৰকাশ কৰিছে।

লক্ষ্যণীয় যে ৰূপসী বিমান বন্দৰটো কাৰ্যক্ষম হ’লে নামনি অসমৰ ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁৱকে ধৰি পশ্চিম অসমৰ বৃহত্তৰ অঞ্চলৰ লগতে প্ৰতিৱেশী ৰাজ্য পশ্চিমবংগ আৰু প্ৰতিৱেশী ৰাষ্ট্ৰ বাংলাদেশৰ মাজত যোগাযোগ তথা বাণিজ্যিক ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি বি টি চি প্ৰশাসনে উল্লেখ কৰে।

Recent News

ছুইডেনৰ এদল গৱেষকৰ গৱেষণাই কঢ়িয়াইছে আশাৰ বতৰা! এইডছৰ ভেকচিন প্ৰস্তুতিৰ দিশত এখোজ

ছুইডেনৰ এদল গৱেষকৰ গৱেষণাই কঢ়িয়াইছে আশাৰ বতৰা! এইডছৰ ভেকচিন প্ৰস্তুতিৰ দিশত এখোজ

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd