দুঃসাহসী ৰূপা কলিতাই এতিয়াও ডিলিট নকৰিলে পোষ্ট; ছ’চিয়েল মিডিয়াত ‘আমছু’ক তুলাধূনা

RupaKalita

আৰক্ষীৰ সৈতে ৰূপা কলিতা।

হিন্দু আৰু ইচলাম ধৰ্মীয় গোড়ামিক আঙুলিয়াই দি ফেইচবুকত কঠোৰ সমালোচনামূলক এটা পোষ্ট দিয়া বাবেই তেজপুৰৰ ৰূপা কলিতা নামৰ এগৰাকী মহিলা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰৰ বলি হোৱা ঘটনাটোক লৈ সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে আমছুৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ২ জুলাইত ৰূপা কলিতাক গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে ৩ জুলাইৰ আবেলি আমছুৰ কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্তমৰ্মে মহিলাগৰাকীক এৰি দিয়া হৈছে বুলি খবৰ পোৱা গৈছে।

কিন্তু ৰূপা কলিতাৰ বিৰুদ্ধে গোচৰ দিয়া আৰু তেওঁক আটক কৰাৰ ক্ষেত্ৰত আৰক্ষী-প্ৰশাসনে দেখুওৱাৰ তৎপৰতাৰ আঁৰত ৰাইজে অন্য গোন্ধ পাইছে। ব্যাপক সংখ্যক ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰকাৰীয়ে প্ৰশ্ন কৰিছে যে দৈনিক সাম্প্ৰদায়িক মন্তব্যৰে খোদ মন্ত্ৰী-বিধায়ক আৰু তেওঁলোকৰ সমৰ্থকসকলে সমাজত সাম্প্ৰদায়িক বিষবাষ্প ছটিয়াই থকাৰ পিছতো এটা সামান্য আৰু অসাম্প্ৰদায়িক ধৰণৰ পোষ্টৰ বাবে ৰূপা কলিতাক গ্ৰেপ্তাৰ কৰাৰ আঁৰৰ ৰহস্য কি?

ৰূপা কলিতাৰ পোষ্টটো। উৎস : ফেইচবুক।

আনহাতে সম্প্ৰীতিৰ নিদৰ্শনেৰে ভৰি থকা অসমখনত বিজেপিৰ বিধায়ক শিলাদিত্য দেবৰ দৰে ৰাজনীতিকে বহু সময়ত ইচলাম সম্প্ৰদায়ক লৈ অতি সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে। তাৰ পিছতো আমছুৱে কিন্তু বিধায়কজনৰ বিৰুদ্ধে গোচৰ দিয়া নাছিল। কিন্তু ইচলাম ধৰ্মৰ বোৰ্খা প্ৰথা আৰু মচজিদত নাৰীৰ প্ৰৱেশত থকা বাধাক লৈ কৰা মন্তব্যৰ বাবে আমছুৱে ৰূপা কলিতাৰ বিৰুদ্ধে গোচৰ দিয়াত সকলো আচৰিত হৈছে।

আন বহুতে আমছুৰ এই গোচৰৰ আঁৰত ৰাজনৈতিক হাতোৰা থকাৰ সন্দেহ প্ৰকাশ কৰিছে। জানিব পৰামতে, ৰূপা কলিতাই বিজেপি চৰকাৰখনৰ হঠকাৰী সিদ্ধান্তবোৰক নিজৰ পোষ্টৰ জৰিয়তে কঠোৰ সমালোচনা কৰি আহিছে দীৰ্ঘদিনৰ পৰা।

গতিকে ইয়াত চৰকাৰত থকা দল আৰু নেতাৰ ভূমিকা থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেবে আছুক ‘আন্দোলন কৰিবলৈ টকা ক’ত পায়’ বুলি কৰা প্ৰশ্নৰ প্ৰসংগত ৰূপা কলিতাই ২ জুলাইতো এটা পোষ্ট দিছিল এইদৰে, “মাননীয় সৰ্বা চাৰ,শিলাদিত্যক উত্তৰটো আপুনিয়ে দি দিয়ক আছুয়ে আন্দোলন কৰিবলৈ টকা ক’ত পায়।এসময়ত আপুনিও যিহেতু সভাপতি আছিল। আমিও জানিম।”

আনহাতে ৰূপা কলিতাৰ যিটো পোষ্টৰ বাবে আমছুৱে গোচৰ দিছিল সেইটো আছিল এনে ধৰণৰ, “এনে পুৰোহিতক পিটি পিটি ছাল এৰুৱাই দিব লাগে।শ্ৰেণীবিভাজনৰ বাবেই মোৰ এই ধৰ্ম -চৰ্মবোৰ ভাল নালাগে।আচলতে ইহঁতবোৰৰ বাবেই হিন্দু ধৰ্ম সংকটক পৰিব এদিন।এনে নিন্দা আৰু অৱহেলাৰ বাবেই খ্ৰীষ্টান ধৰ্মলৈ গতি কৰিছে।
আৰু মুছলমান সকলক কৈছো দেই মহিলাৰ পেটৰ পৰা জন্ম লবলৈ খুব ভাল ন?কিন্তু মছজিদত মহিলা গলে বেয়া ন?এতিয়াও মহিলাক পৰ্দা প্ৰথাৰ মাজত আবদ্ধ কৰি কেৱল সন্তান জন্ম দিয়া মেচিন বনাই ৰাখিছাহক।
এই লেতেৰা মনোভাৱবোৰ ৰাখি যিমানেই অমৰনাথ আৰু হজ যাত্ৰা নকৰা কিয়’ স্বৰ্গ বা বেহেস্তত স্থান পাবা জানো?
মই খ্ৰীষ্টানৰ ধৰ্মীয় আগ্ৰাসী মনোভাৱকো ঘিণ কৰোঁ কিন্তু।”

ইয়াত সমালোচনাৰ প্ৰধান লক্ষ্য আছিল অলপতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক পুৰীৰ মন্দিৰৰ পুৰোহিতে দলিত হোৱা বাবেই ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়া ঘটনাটো। ইয়াৰ বাবে পুৰোহিতজনক পিটিব লাগে বুলি কৈছিল ৰূপা কলিতাই।

মন কৰিব লগীয়া কথাটো হ’ল ৰূপা কলিতাৰ সাহস। প্ৰায়ে এইটো দেখা যায় যে বিতৰ্কিত হৈ পৰা পোষ্ট এটাক লৈ যেতিয়া কোনোবাই গোচৰ দিয়ে বা আনক ভাবুকি দিয়া পোষ্টক লৈ যেতিয়া আইনৰ কথা আহি পৰে, তেতিয়াই পোষ্ট মচি দিয়ে দিওঁতাজনে। কিন্তু ৰূপা কলিতাই এতিয়াও তেওঁৰ টাইম লাইনৰ পৰা উক্ত পোষ্টটো মচা নাই। বৰং তেওঁ আৰক্ষীৰ সৈতে যাবলৈ লওঁতেও “ভাৰতৰ ৰাজনীতিত নতুন মোৰ। বাকস্বাধীনতা হৰণ” বুলি এটা পোষ্ট দিহে গৈছে।

ইফালে ৰূপা কলিতাক নতুন প্ৰজন্মৰ উদাৰনৈতিক বহুতো ইচলামধৰ্মী যুৱক-যুৱতীয়ে সমৰ্থন কৰা দেখা গৈছে আৰু ছ’চিয়েল মিডিয়াত আমছুক সমালোচনা কৰাও দেখা গৈছে।