দেওবাৰে শিৱসাগৰৰ গেলেকীত অনুষ্ঠিত হ’ব কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক

কিষাণ মৰ্চা

দেওবাৰে শিৱসাগৰ জিলাৰ গেলেকী নাট্য মন্দিৰত শাসকীয় বিজেপি দলৰ ভাতৃ সংগঠন কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে আদৰ্শ কৃষক গঢ় দি দেশৰ ভৱিষ্যত কৃষকসকলক আগুৱাই কেনেকৈ নিব পাৰি সেই সম্পৰ্কত আলোচনা কৰাৰ বাবে দেওবাৰে শিৱসাগৰত একত্ৰিত হ’ব অসমৰ কিষাণ নেতাসকল।

কিষাণ মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়াই এক বিবৃতিত উল্লেখ কৰা অনুসৰি এইবাৰ চৰকাৰে কৃষিখণ্ডত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি দেশৰ কৃষকৰ উন্নয়নৰ বাবে ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰাৰ লগতে এই আঁচনি সমূহ কৃষকৰ মাজলৈ নিয়াৰ বাবে উপযুক্ত ব্যৱস্থা কৰা হৈছে।

সভাত বিজেপি কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি প্রাণ কুমাৰ দাস, কিষাণ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক যতীন বড়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক মৃগাংক বৰ্মণৰ লগতে শিৱসাগৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেন্দ্রনাথ মোহন, শিৱসাগৰ জিলা কিষাণ মৰ্চাৰ সভাপতি বকুল দে উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।