‘দেশতকৈ চাকৰি ডাঙৰ নহয়’ : নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ কৰ্মচাৰী পৰিষদ-আছু

Guwahati- AASU interaction with Karmachari Parishad UB Photos

‘দেশতকৈ চাকৰি ডাঙৰ নহয়’ বুলি পুনৰ অসম আন্দোলনৰ সংকল্প দোহাৰি সদৌ অসম কৰ্মচাৰী পৰিষদে আজি ১৫ মে’ৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে নাগৰিকত্ব সংশোধন বিধেয়ক ( Citizenship Amendment Bill )ৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলনৰ অংগীকাৰ কৰিছে।

ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ বাবে বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধন বিধেয়কৰ বিৰুদ্ধে নেছ’ৰ বেনাৰত উত্তৰ-পূবৰ সকলো ছাত্ৰ সংগঠন একগোট হোৱাৰ পিছত বিধেয়কখনৰ তথা চলিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ সন্দৰ্ভত দুয়োটা সংগঠনে আজি ১৫ মে’ত গুৱাহাটীৰ চহিদ ভৱনত তিনিঘণ্টাজোৰা এক বৈঠকত মিলিত হৈ ভৱিষ্যতৰ যুটীয়া কাৰ্য্যসূচী নিৰ্ধাৰণ কৰে।

‘দেশতকৈ চাকৰি ডাঙৰ নহয়’ বুলি অসম আন্দোলনত কৰ্মচাৰী পৰিষদে কৰা ‘চৰম ত্যাগ’ আৰু ‘সংকল্প’ৰ কথা উল্লেখ কৰি পৰিষদৰ নেতৃত্বই কয় ‘অসম আৰু অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে কৰ্মচাৰী পৰিষদ সংকল্পবদ্ধ।’

‘জাতিধ্বংসী’ নাগৰিকত্ব বিধেয়ক বাতিল কৰাৰ বাবে উভয় সংগঠনে অহা ৪ জুনত ৰাজভৱনৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰাৰ আজিৰ বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰে। ‘অসমত অবৈধ বাংলাদেশী’ আৰু ‘সাম্প্ৰদায়িকতাৰ স্থান নাই’ বুলি ঘোষণা কৰি ‘জাতিধ্বংসী’ বিধেয়কখন অসমৰ ওপৰত জাপি নিদিবলৈ দুয়োটা সংগঠনে কেন্দ্ৰৰ বিজেপি চৰকাৰক ‘সকীয়াই’ দিয়ে।

‘অসম বাংলাদেশীৰ ডাষ্টবিন নহয়’ বুলি ঘোষণা কৰি ‘অসম চুক্তিৰ আধাৰতেই সমস্যাটোৰ সমাধান হ’ব লাগিব’ বুলি দুয়োটা সংগঠনে দাবী কৰিছে।

আনহাতে আজিৰ বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে এন আৰ চিৰ কামৰ অগ্ৰগতিৰ বুজ ল’বলৈ দুয়োটা সংগঠনৰ যুটীয়া প্ৰতিনিধি দলে ১৭ মে’ত প্ৰতিখন জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰিব।

পূৰ্ণাংগ এন আৰ চি প্ৰকাশৰ বাবে মাত্ৰ ৪৫ দিন বাকী থকা অৱস্থাত উন্নীতকৰণৰ কামত জৰিত কৰ্মচাৰীসকলৰ মনোবল বৃদ্ধিৰ উদ্দেশ্যে ১৮ মে’ত ‘প্ৰেৰণাৰ দিন’ পালন কৰাৰ লগতে সেইদিনা আছু আৰু কৰ্মচাৰী পৰিষদে সমগ্ৰ ৰাজ্যৰে চহিদ বেদীৰ বাকৰিত সমবেত হৈ অসম আন্দোলনৰ চহিসকললৈ শ্ৰদ্ধাঞ্জলি জনাব।

আজিৰ বৈঠকত আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, সভাপতি দীপাংক নাথ, সাধাৰণ  সম্পাদক লুৰীন জ্যোতি গগৈ আৰু কৰ্মচাৰী পৰিষদৰ উপদেষ্টা নগেন দাস, সভাপতি বাসৱ কলিতা, সম্পাদক প্ৰধান ফকৰউদ্দিন আহমেদৰ নেতৃত্বত দুয়োটা সংগঠনৰে প্ৰতিনিধি উপস্থিত আছিল।