NORTHEAST NOW (Assamese)

দেশৰ অন্য প্ৰান্তৰ লগতে অসমৰ ৫টা সংসদীয় সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ

April 11, 2019 7:38 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

আজি দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। দেখৰ ২০ খন ৰাজ্যৰ মুঠ ৯১ টা লোকসভা সমষ্টিত হ’ব প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ। অসমৰো ৫ টা সংসদীয় সমষ্টিত অনুষ্ঠিত হৈ আছে প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

সমষ্টি কেইটা হৈছে কলিয়াবৰ, তেজপুৰ, লখিমপুৰ, যোৰহাট আৰু ডিব্ৰুগড়। পুৱা ৭ বজাৰ পৰাই সমষ্টি কেইটাৰ বিভিন্ন ভোট কেন্দ্ৰত ভোটাৰে নিজৰ ভোটদান সাব্যস্ত কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয়। ভোটদান প্ৰক্ৰিয়াৰ অন্ত পৰিব বিয়লি ৫ বজাত।

উল্লেখ্য যে উক্ত পাঁচটা সমষ্টিৰ ৭৫ লাখ ১৬ হাজাৰ ২৮৪ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৪১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ’বলৈ বেছি সময় হোৱা নাই যদিও কেন্দ্ৰসমূহত পুৱাৰে পৰা শাৰী পাতিছে ভোটাৰে। বৰ্তমানলৈকে সকলো ভোটগ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণ ভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে বুলি আমালৈ অহা শেহতীয়া খবৰৰ পৰা জানিব পৰা গৈছে।

ভোটগ্ৰহণ কেন্দ্ৰ সমূহত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। তদুপৰি স্পৰ্শকাতৰ আৰু অধিক স্পৰ্শকাতৰ অঞ্চলসমূহত অধিক সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে বুলি জানিব পৰা গৈছে।

Related News