দেৰগাওঁ আৰক্ষীৰ জালত তিনিজন ডকাইত

বৃহস্পতিবাৰে নিশা দেৰগাঁৱৰ কিছু সংখ্যক লোকে ৩ জন ডকাইতক ধৰি দেৰগাঁও আৰক্ষীক গতাই দিয়ে। দেৰগাঁৱৰ ভিতৰুৱা ছ-গুৰি অঞ্চলত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ডকাইত কেইজনৰ নাম বীৰগুচি দলে, জীতেন টাইড আৰু তুলতুল পেগু বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে জি ভি এন নামৰ বিত্তীয় প্ৰতিষ্ঠানটোত কৰ্মৰত কৰ্মচাৰী অভিজিৎ চেতিয়াই বৃহস্পতিবাৰে ছ-গুৰি গাঁৱৰ ঋণৰ কিস্তি হিচাপে প্ৰায় তিনিলাখ টকা সংগ্ৰহ কৰি দেৰগাঁও নগৰস্থিত কাৰ্য্যালয়লৈ আহি আছিল। কিছুদুৰ অহাৰ পিছত পুৰ্বৰে পৰা খাপপিটি  থকা তিনিজনীয়া এটা ডকাইতৰ দলে তেওঁক বন্দুক আৰু চোকা অস্ত্ৰ দেখুৱাই  আক্ৰমণ কৰাৰ ভাবুকি দিছিল। উপায়ন্তৰ নাপাই কৰ্মচাৰীজনে প্ৰাণৰ মমতাত চিঞৰ-বাখৰ কৰাত ওচৰৰ ৰাইজ ওলাই আহে।ৰাইজৰ উপস্থিতিতে ডকাইতকেইটা পলাবলৈ চেষ্টা কৰিছিল যদিও ৰাইজে ডকাইতকেইটাক অস্ত্ৰসহ ধৰিবলৈ সক্ষম হয়। ক্ষুভিত ৰাইজে ডকাইতকেইটাক উত্তম-মধ্যম শোধাই দেৰগাঁও আৰক্ষীক গতাই দিয়ে।

জানিব পৰা মতে ডকাইতকেইটাৰ পৰা ৰাইজে  হস্তনিৰ্মিত পিষ্টল উদ্ধাৰ কৰি আৰক্ষীক চমজাই দিয়ে। আটকাধীন ডকাইতকেইটা পূৰ্বেও কেইবাটাও ডকাইতি কাণ্ডৰ লগত জড়িত আছিল বুলি ৰাইজে অভিযোগ উত্থাপন কৰে।  ইতিমধ্যে আৰক্ষীয়ে তিনি ডকাইতক নিজৰ জিম্মাত ৰাখি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।