অসম চৰকাৰে প্ৰাথমিক শিক্ষকসকলৰ দৰমহাকেন্দ্ৰিক আসোঁৱাহ সমূহ দূৰ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে প্ৰাথমিক শিক্ষক সন্মিলনী। সেয়েহে সন্মীলনীয়ে দৰমহা আসোঁৱাহ নিৰাময় সমিতিয়ে দাখিল কৰা প্ৰতিবেদন ৰাজ্য চৰকাৰক শীঘ্ৰে ৰাজহুৱা কৰিবলৈ দাবী উহ্থাপন কৰিছে।
উল্লেখ্য যে দেওবাৰে চানমাৰিস্থিত সন্মিলনীৰ মুখ্য কাৰ্যালয় শিক্ষক ভৱনত অনুষ্ঠিত কৰ্ম পৰিষদৰ সভাত এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়। সভাত ৰাজ্য চৰকাৰে শিক্ষকসকলৰ দাবী সমূহ পূৰণ নকৰিলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে।
এক বিবৃতিত সন্মিলনীৰ সভাপতি জীৱন চন্দ্ৰ বৰা আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে সদৰী কৰে যে সাত দিনৰ ভিতৰত প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীৰে মুখ্য মন্ত্ৰীক তেওঁলোকে স্মাৰক-পত্ৰ প্ৰদান কৰে।
আনহাতে যদিহে মুখ্য মন্ত্ৰীয়ে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অহা ১৭ এপ্ৰিলত পুনৰ সাত দিনৰ সময়সীমা বান্ধি দি পুনৰ স্মাৰক-পত্ৰ ৰাজ্যপালক দাখিল কৰিব। ইয়াৰ পাছত ৰাজ্যপালেও এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ’লে অহা ২৮ এপ্ৰিলত প্ৰথমিক শিক্ষকসকলে ৰাজভৱনৰ সন্মুখত পুনৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব।
ইপিনে, বিদ্যালয়সমূহত শিক্ষকৰ উপস্থিতি নিৰূপণৰ বাবে স্থাপন কৰা পাঞ্চিং মেচিন শিক্ষা বিষয়াৰ কাৰ্যালয়সমূহতো স্থাপন কৰিবলৈ শিক্ষক সন্মিলনীয়ে দাবী উহ্থাপন কৰে। ইয়াৰোপৰি শেহতীয়াভাৱে শিক্ষক নিযুক্তিৰ বাবে দিয়া বিজ্ঞাপনত বয়সৰ উৰ্ধ্ব সীমা ৩৮ বছৰৰ পৰা ৪৪ বছৰলৈ বৃদ্ধি কৰিবলৈ দাবী উহ্থাপন কৰিছে সংগঠনটোৱে।
আনহাতে অভিজ্ঞতাৰ বাবে নম্বৰ দিয়া নীতি পূৰ্বৰ দৰেই প্ৰযোজ্য কৰাৰ দাবীৰে শিক্ষামন্ত্ৰী আৰু শিক্ষা আয়ুক্তক অহা ১০ এপ্ৰিলত স্মাৰক-পত্ৰ প্ৰদান কৰিব শিক্ষক সন্মিলনীয়ে।
স্মৰ্তব্য যে শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ তিনি মাহ পাছতো শৈক্ষিক দিনপঞ্জী বিদ্যালয়সমূহে লাভ নকৰাৰ অভিযোগ উহ্থাপন কৰি শীঘ্ৰে দিনপঞ্জী প্ৰদানৰ ব্যৱস্থা কৰিবৰ বাবে দাবী জনায় প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।