ৰাজ্যপাল জগদীশ মুখীয়ে আজি ছিনিয়ৰ নেচনেল এথলেটিক চেম্পিয়নশ্বীপত দুটাকৈ সোণৰ পদক লাভ কৰা তথা ‘ধিং এক্সপ্ৰেছ’ নামেৰে পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা হিমা দাসক গুৱাহাটীৰ ৰাজভৱনত সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে প্ৰশিক্ষক নিপন দাস আৰু নৱজিৎ মালাকাৰকো সম্বৰ্ধনা জনায়।
উল্লেখযোগ্য যে হিমা দাসে নেচনেল এথলেটিকচ গেমচত ২৭ জুনত ২০০ মিটাৰ দৌৰত সোণৰ পদক আৰু ২৯ জুনত ৪০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।
আনহাতে হিমা দাসে নিজৰ মনৰ উছাহৰ কথা প্ৰকাশ কৰি কয় যে, ‘মোৰ প্ৰশিক্ষক নিপন দাস আৰু নৱজিৎ মালাকৰক ৰাজ্যপাল গৰাকীয়ে সম্বৰ্ধনা জ্ঞাপন কৰাৰ বাবে মই আজি বহুত সুখী। যিহেতু মোৰ ক্ৰীড়া জগতত তেওঁলোকে মুখ্য ভূমিকা পালন কৰিছে।’
লগতে হিমা দাসে কয় যে, ‘২০০ মিটাৰ আৰু ৪০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰি গুৱাহাটী সৰুসজাই খেলপথাৰৰ পৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰাতো মোৰ কাৰণে এটা সন্মানীয় আৰু গৌৰৱৰ কথা।’
ইফালে হিমা দাসে ফিনলেণ্ডত ১০ জুলাইৰ পৰা ১৫ জুলাইলৈকে অনুষ্ঠিত হ’বলগীয়া বিশ্ব জুনিয়ৰ এথলেটিক চেম্পিয়শ্বিপত অংশ গ্ৰহণ কৰাৰ উদ্দেশ্যে ৭ জুলাইত ফিনলেণ্ডত উপস্থিত হ’ব বুলি জানিবলৈ দিয়ে।
তাৰোপৰি হিমা দাসে ইণ্ডোনিছিয়াত ১৮ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হ’ব লগীয়া এছিয়ান গেমচতো অংশ গ্ৰহণ কৰিব।
হিমা দাসে ৰাজ্যখনৰ আন আন খেলুৱৈ সকলৰ প্ৰতি আহ্বান জনায় কয় যে ৰাজ্যখনে এক দীৰ্ঘদিনীয়া সমস্যাত ভুগি আহিছে। গতিকে খেলুৱৈ সকলে তেওঁলোকৰ নিজা প্ৰচেষ্টাৰে সফলতা লাভ কৰিবলৈ ওলায় আহিব লাগে।