NORTHEAST NOW (Assamese)

ধুবুৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত অতিৰিক্ত বোজা বহন কৰা ট্ৰাকৰ বিৰুদ্ধে অভিযান

March 22, 2018 2:11 pm · মুকেশ কুমাৰ সিং

ধুবুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰে অতিৰিক্ত বোজা বহন কৰা ট্ৰাকৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰিছে পৰিবহন বিভাগে। ধুবুৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা মঙলবাৰে নিশা পৰিবহন বিভাগে চলোৱা এই অভিযানত কেইবাখনো ট্ৰাক জব্দ কৰা হয়।

জিলাখনৰ পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জিয়ে এই সন্দৰ্ভত কয় যে জব্দ কৰা ট্ৰাক কেইখনে অনুমতিতকৈ অধিক কয়লা আৰু শিল কঢ়িয়াই নিয়াৰ তথ্য লাভ কৰি চলোৱা অভিয়ান কালতে সফলতা লাভ কৰে আৰক্ষীয়ে।

অভিযানকালত আৰক্ষীয়ে এএছ ১৭ বি ২১৯৮, এএছ ১৭ বি ৩১২৫ আৰু ডব্লিঅ’ বি ৫৯এ ৫৮৭৭ নামৰ ট্ৰাক তিনিখন জব্দ কৰা বুলি সদৰী কৰে পৰিবহন বিষয়া গৰাকীয়ে।

আনহাতে কয়লা আৰু শিল সৰবৰাহ কৰা ট্ৰাকখনৰ পৰা ৭৪,০০০ আৰু আন এখন বাহনৰ পৰা ৫০০০ টকা জৰিমনা সংগ্ৰহ কৰে বিভাগটোৱে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে সমাগত সময়তো ৰাষ্ট্ৰীয় ঘাইপথৰে অতিৰিক্ত বোজা বহন কৰা ট্ৰাকৰ বিৰুদ্ধে অভিযান চলি থাকিব বুলি ঘোষণা কৰে পৰিবহন বিষয়া কাৰ্জিয়ে।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰে অতিৰিক্ত বোজা বহন কৰা ট্ৰাক চলি থকাৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈ আহিছিল। সেই অভিযোগৰ ভিত্তিতে উক্ত অভিযান চলোৱা হৈছিল বুলি প্ৰকাশ কৰিছে এটি সূত্ৰই।

আনহাতে ধবুৰীৰ পৰিবহন বিষয়াগৰাকীয়ে আবকাৰী বিভাগকো এইক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণৰ নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে।

 

Related News