বিটিএডিৰ সদৰ চহৰ হাব্ৰুবাৰীস্থিত কোকৰাঝাৰ সংগীত আৰু সুকুমাৰ কলা মহাবিদ্যালয় প্ৰাংগনত যোৱা ১৭ মাৰ্চৰ পৰা চলা আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বসুলভ চিত্ৰকলা প্ৰদৰ্শনী আৰু সাংস্কৃতিক মহোৎসৱখন অহা ২৩ মাৰ্চত সামৰণি পৰিব৷
উল্লেখ্য যে, কোকৰাঝাৰ চহৰত পোনপ্ৰথম বাৰৰ বাবে আয়োজিত আন্তঃৰাষ্ট্ৰীয় চিত্ৰকলা মহোৎসৱত ভাৰতৰ লগতে দেশ বিদেশৰ প্ৰতিথযশা ২৩ গৰাকী চিত্ৰ কলা শিল্পীয়ে অংশগ্ৰহণ কৰিছে। দেশী-বিদেশী চিত্ৰ শিল্পীৰ মহামিলন আৰু মুকলি আকাশৰ তলত অকাঁ চিত্ৰ প্ৰদৰ্শনী মহোৎসৱত সমগ্ৰ কোকৰাঝাৰবাসী উজ্জীৱিত হোৱা পৰিলক্ষিত হৈছে।
ইতিমধ্যে কোকৰাঝাৰৰ যশস্বী চিত্ৰশিল্পী জনক ঝংকাৰ নাৰ্জাৰীৰ লগতে ৰোমানিয়া দেশৰ পৰা অংশ লোৱা আলেকজেণ্ডাৰ ছেৰাফিন, আমেৰিকাৰ জাষ্টিন মিলচ, থাইলেণ্ডৰ তাওয়াত ছাও সমকং, ইৰানৰ লিয়াড ছাবেছি, ফ্ৰান্সৰ ইলোডি গাৰোনে, ভিয়েটনামাৰ দামদং লি, ৰাছিয়াৰ আইজনা ছাফোভোলোবা আৰু চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ চিত্ৰশিল্পী নিছাৰ হুছেইনৰ হৃদয়স্পৰ্শী চিত্ৰকলা প্ৰদৰ্শনত প্ৰাণ পাই উঠিছে সংগীত আৰু সুকুমাৰ কলা মহাবিদ্যালয় প্ৰাংগণ।
অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ তত্বাৱধানত কোকৰাঝাৰত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হৈছে আন্ত:ৰাষ্ট্ৰীয় বন্ধুত্বসুলভ চিত্ৰাংকণ প্ৰদৰ্শনী আৰু সাংস্কৃতিক মহোৎসৱ।
আনহাতে এই মহোৎসৱত অংশ লোৱা দেশ বিদেশৰ চিত্ৰ কলা শিল্পীসকলে বৃহস্পতিবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক পৰিবেশ উপভোগ কৰা দেখা যায়। এই ভ্ৰমন কাৰ্যসূচী মহোৎসৱৰ মুখ্য আহ্বায়িকা তথা কোকৰাঝাৰ সংগীত আৰু সুকুমাৰ কলা মহাবিদ্যালয়ৰ অধ্যক্ষা লাৰ্লী ব্ৰহ্মৰ উদ্যোগত গ্ৰহণ কৰা বুলি সদৰী কৰিছে৷
ইপিনে আন্তঃৰাষ্ট্ৰীয় চিত্ৰাংকন প্ৰতিযোগিতাত অংশ লোৱা বিদেশৰ চিত্ৰকলা শিল্পীসকল কোকৰাঝাৰবাসীৰ অতিথি আপ্যায়নত অতিকৈ আল্পুত হৈ পৰা বুলিও আয়োজকে জানিবলৈ দিয়ে।
উল্লেখ্য যে শুকুৰবাৰ অৰ্থাৎ ২৩ মাৰ্চৰ সামৰণি অনুষ্ঠানত দেশী বিদেশী চিত্ৰ শিল্পীসকলক চিত্ৰকলাৰ প্ৰতিযোগী বঁটাৰে বিভূষিত কৰিব বুলি আয়োজক সমিতিয়ে সদৰী কৰে৷