অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি তথা বৰ্তমান লোকসভাৰ সাংসদ বদৰুদ্দিন আজমলে দেশত সংঘটিত হৈ ধৰ্ষণ কাণ্ডসমূহক লৈ তাৎপৰ্যপূৰ্ণ মন্তৱ্য কৰিছে। তেওঁ কৈছে যে ধৰ্ষণকাৰীৰ কোনো ধৰ্ম নাই আৰু কোনো ধৰ্মই ধৰ্ষণকাৰীক স্থান নিদিয়ে। টাইমছ অফ ইণ্ডিয়াৰ এটা বাতৰিত এই কথা প্ৰকাশ পাইছে।
শুকুৰবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক প্ৰদান কৰা এখন স্মাৰক পত্ৰত এ আই ইউ ডি এফৰ মুৰব্বীগৰাকীয়ে অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ধৰ্ষণৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে।
‘’এজন ধৰ্ষণকাৰীৰ কোনো ধৰ্ম থাকিব নোৱাৰে কিয়নো কোনো ধৰ্মই মহিলাৰ বিৰুদ্ধে ধৰ্ষণৰ দৰে জঘন্য অপৰাধক অনুমতি নিদিয়ে। সকলো অপৰাধৰ ভিতৰত ধৰ্ষণ হৈছে আটাইতকৈ দুৰ্ভাগ্যজনক আৰু নিন্দনীয় অপৰাধ। ধৰ্ষণকাৰীক কঠোৰ শাস্তি প্ৰদান কৰা উচিত। এনে কাৰ্যক কঠোৰ হাতেৰে দমন কৰা উচিত,’’-আজমলে কয়।
অসম ৰাজ্যিক জমিয়ত উলেমাৰ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমিয়ে কয় যে সাম্প্ৰদায়িক শক্তিসমূহে ধৰ্ষণত ধৰ্মীয় ৰং সানিব চেষ্টা কৰৰি থকাটো দুৰ্ভাগ্যজনক।
‘’ধৰ্ষণৰ দৰে এক জঘন্য অপৰাধ এটাক ধৰ্মীয় ৰহন দি সাম্প্ৰদায়িক শক্তিসমূহে সাম্প্ৰদায়িকভাৱে সমাজত বিভাজন আনিব বিচাৰিছে আৰু সম্প্ৰদায়সমূহৰ মাজত বিবেদৰ সৃষ্টি কৰিব বিচাৰিছে। আনকি ছচিয়েল মিডিয়াতো ধৰ্ষণৰ ঘটনাক লৈ সাম্প্ৰদায়িক মেৰু বিভাজনৰ এনে প্ৰয়াস আমি দেখিবলৈ পাইছো,’’-কাছিমিয়ে কয়।
কাছিমিয়ে লগতে কয় যে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধক মেৰু বিভাজনৰ দ্বাৰা ন্যস্ত স্বাৰ্থ মহলে সুযোগ লোৱাৰ চেষ্টা চলাইছে। কথুৱা, উন্নাও বা অসমৰ বটদ্ৰবাৰ দৰে ধৰ্ষণৰ ঘটনাসমূহ দেশৰ বাবে অশুভ বুলিও কাছিমিয়ে মত ব্যক্ত কৰে।