নগাঁও জিলাত সংখ্যালঘূ ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে আজি এজন সহকাৰী শিক্ষকক আৰক্ষীয়ে আটক কৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে ২০১৩-১৪, ২০১৬-১৭ আৰু ২০১৭-১৮ বৰ্ষত জিলাখনত কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে য’ত এটি দালাল চক্ৰৰ পৰা আৰম্ভ কৰি একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষক, বিভিন্ন বেংকৰ গ্ৰাহক সেৱা কেন্দ্র, শিক্ষা বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ লগতে সংখ্যালঘূ উন্নয়ন বৰ্ডৰ একাংশ বিষয়া-কৰ্মচাৰী জড়িত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে।
শেহতীয়াকৈ ৱাইজুল হক চৌধুৰী নামৰ এজন সমাজকৰ্মীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে এই বিয়াগোম কেলেংকাৰীৰ কথা পোহৰলৈ আনিছে। এই সন্দৰ্ভত নগাঁও জিলাৰ কেইবাখনো আৰক্ষী থানাত ৰুজু হৈছে গোচৰ।
ইয়াৰ মাজতে আজি বটদ্ৰৱা আৰক্ষীয়ে ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হাছানুজ জামান আনছাৰীক আটক কৰি শোধ-পোছ অব্যাহত ৰাখিছে। এই দালাল চক্ৰটোৰ লগত একাংশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্র আৰু প্ৰধান শিক্ষকে মিলি ভুৱা ছাত্ৰ-ছাত্রী দেখুৱাই ইতিমধ্যে কেইবা কোটি টকা সৰকাই নিয়াৰ অভিযোগ উঠিছে।
নগাঁৱৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে আৰু বহু কেইজন অভিযুক্ত ব্যক্তি গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোৱা তথ্য মতে নগাঁও জিলাৰ মধ্য ইংৰাজী বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সহ ৯০ খনৰো অধিক বিদ্যালয়ত সংখ্যালঘূ ছাত্ৰ-ছাত্রীৰ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে।
এই কেলেংকাৰীৰ সৈতে জড়িত দোষী ব্যক্তিক চিনাক্ত কৰি উচিত শাস্তি প্রদানৰ বাবে নগাঁও আৰক্ষী প্রশাসনক বিভিন্ন দল-সংগঠনে দাবী জনাইছে।