NORTHEAST NOW (Assamese)

নগাঁৱত জিলাভিত্তিক চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন

July 31, 2018 8:05 pm · মিণ্টু দাস
Updated: July 31, 2018 8:29 pm
প্রতিনিধিত্বমূলক চিত্র

নগাঁৱৰ অন্যতম অগ্ৰণী অনুষ্ঠান ‘নৱমী আত্মসহায়ক গোট’ৰ উদ্যোগত অহা ৫ আগষ্টত পঞ্চম বাৰ্ষিক জিলাভিত্তিক এখনি চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত অনুষ্ঠিত হ‘ব লগা উক্ত চিত্ৰাংকণ প্ৰতিযোগিতাৰ তিনিটা শাখা ক্ৰমে অংকুৰ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈ ‘ক’ শাখা, তৃতীয় শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ ‘খ‘ শাখা আৰু সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ‘গ‘ শাখা৷ আয়োজকে এই কথা জানিবলৈ দিয়ে।

আত্মসহায়ক গোটটোৱে তিনিওটা শাখাৰ বাবে নিৰ্ধাৰণ কৰি দিছে বিষয় সমূহ। নিৰ্ধাৰিত বিষয় সমূহ হ’ল ক্ৰমে ‘ক’ শাখাৰ বিষয়  ‘নিজৰ মনৰ পৰা অঁকা’, ‘খ’ শাখাৰ বিষয় ‘শুৱনি আমাৰ গাঁওখনি’ আৰু ‘গ‘ শাখাৰ বিষয় ‘অসমৰ কীৰ্তি স্তম্ভ’৷

আনহাতে প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰিব বিচৰা ইচ্চুক প্ৰতিযোগী সকলে ‘সাজোন-কাচোন’, পানীগাঁও চাৰিআলি, নগাঁও অথবা ম‘বাইল নম্বৰ ৬০০০২০৩৯৪০, ৯৮৬৪৮৭৯০৮৭, ৯৪৩৫৮১০১৯২ ত যোগাযোগ কৰিবলৈ উদ্যোক্তা সকলে আহ্বান জনাইছে।

Related News