• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱত ডি এল এড প্ৰশিক্ষণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

মিণ্টু দাস by মিণ্টু দাস
August 5, 2018 2:32 pm
ডি এল এড
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় শিক্ষা সংস্থা চমুকৈ এন আই অ’ এচৰ অধীনত ডি এল এড প্ৰশিক্ষণৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। বিভাগীয় নীতি নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি বিদ্যালয়ত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীসকলক ডি এল এড প্ৰশিক্ষণ দিয়াৰ বাবে ৰাজ্যিক এন আই অ’ এচ কৰ্তৃপক্ষই নগাঁও জিলাত ব্যাপক অনিয়মেৰে প্ৰশিক্ষণ কেন্দ্ৰ আৰু পৰীক্ষা কেন্দ্ৰ স্থাপন কৰাৰ অভিযোগ উঠিছে।

তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি, নগাঁও জিলাত মুঠ ৫৫ টা ডি এল এড অনলাইন অধ্যয়ন কেন্দ্ৰ আছে। ইয়াৰে ১৮ টা ব্যক্তিগত আৰু ৩৭ টা অধ্যয়ন কেন্দ্ৰ প্ৰাদেশীকৃত শিক্ষানুষ্ঠানত আছে। আনহাতে, জিলাখনত ২৭ টা শিক্ষানুষ্ঠানত ডি এল এডৰ পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে।

Apply Now

বিভাগীয় নীতি নিয়ম মতে, ডি এল এড প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে যোগ্যতা সম্পন্ন প্ৰশিক্ষকৰ লগতে পৰ্যাপ্ত আন্তঃগাঁথনি যেনে শিক্ষানুষ্ঠানখনত বাউণ্ডাৰী ৱাল, শৌচাগাৰ, বিশুদ্ধ খোৱা পানী আদিৰ সু-ব্যৱস্থা থাকিব লাগে বুলি আৰ টিৰ তথ্যত সংশ্লিষ্ট কৰ্তৃপক্ষই উল্লেখ কৰিছে যদিও জিলাখনত স্থাপন কৰা শিক্ষানুষ্ঠানত এই সুবিধা উপলব্ধ আছ নে নাই সেই তথ্য সদৰী কৰা নাই।

অভিযোগ অনুসৰি জিলাখনৰ অধিকাংশ শিক্ষানুষ্ঠানত বিভাগে উল্লেখ কৰা সুবিধা সমূহ উপলব্ধ নহয়। তদুপৰি, ডি এল এড পৰীক্ষা কেন্দ্ৰ স্থাপনৰ বাবে অন্যান্য সুবিধাসমূহ উপলব্ধ হোৱাৰ লগতে পৰীক্ষা কেন্দ্ৰত চি চি টিভি সংযোগ কৰিব লাগে। কিন্তু অলপতে অনুষ্ঠিত হৈ যোৱা পৰীক্ষা কেন্দ্ৰসমূহৰ কোনোটোতে চি চি টি ভি কেমেৰা সংস্থাপন কৰা নাই।

ইপিনে, ডি এল এড অধ্যয়ন কেন্দ্ৰ আৰু পৰীক্ষা কেন্দ্ৰ সমূহে কি কি যোগ্যতা ভিত্তিত সেইসমূহ কেন্দ্ৰৰ অনুমোদন দিলে, তাৰ যাৱতীয় তথ্য নগাঁৱৰ এগৰাকী সাংবাদিকে বিচাৰিছিল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই সম্পূৰ্ণ তথ্য দিয়াৰ পৰা বিৰত থাকে। ব্যাপক অনিয়মেৰে যে এই কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে, তাৰ ৰহস্য ফাদিল হোৱাৰ ভয়তে সেই তথ্য প্ৰদান কৰা নাই বুলি অভিযোগ উঠিছে।

মুঠতে ডি এল এড প্ৰশিক্ষণৰ নামত যে এক ব্যাপক কেলেংকাৰী সংঘটিত হৈছে, সেয়া এক প্ৰকাৰ নিশ্চিত বুলি তথ্য বিচৰা সাংবাদিকগৰাকীয়ে অভিযোগ কৰি তেওঁ ব্যক্ত কৰে যে, এক উচ্চ পৰ্যায়ৰ তদন্ত হ’লেই সকলো অনিয়মৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

মনকৰিবলগীয়া যে, একাংশ ব্যক্তিগত শিক্ষানুষ্ঠানত স্থাপন কৰা শেহতীয়া ডি এল এডৰ প্ৰথম ষান্মাষিক পৰীক্ষাত ব্যাপক হাৰত নকলৰ পয়োভৰ ঘটাৰ অভিযোগো উঠিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd