NORTHEAST NOW (Assamese)

নগাঁৱত পথ দুৰ্ঘটনাত এজন নিহত, আহত ১

June 28, 2018 10:02 pm · মিণ্টু দাস
Updated: June 28, 2018 10:03 pm

নগাঁও চহৰৰ সমীপৰ মৰিকলং আৰক্ষী চকীৰ নাতি দূৰৰ মৰিকলং বকুলতলত কালি নিশা প্ৰায় ১১.৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন বাইক আৰোহী থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰভাবে আহত হয়।

উল্লেখযোগ্য যে নগাঁও চহৰৰ সমীপৰ ছোটহয়বৰৰ  সঞ্জীৱ হাজৰিকা(২২) নামৰ যুৱকজনে এজন বন্ধুৰ সৈতে এ এছ -০২এচ-৩১৩৪ নম্বৰৰ ৰয়েল এনফিল বুলেট মটৰ চাইকেলেৰে বৰঘাট বাইপাছ দিশৰ পৰা নগাঁও চহৰ অভিমুখে আহি থকা অৱস্থাত মৰিকলং বকুলতলত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।

ফলত দুৰ্ঘটনাটোত বাইকখনৰ পিছফালে বহি অহা আৰোহী ৰূপজ্যোতি বৰা(১৯) নামৰ যুৱকজন থিতাতে নিহত হয়। আনহাতে, বাইক চালক সঞ্জীৱ হাজৰিকা গুৰুতৰভাৱে আহত হয়।

আহত হাজৰিকাক সম্প্ৰতি নগাঁৱৰ এখন ব্যাক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Related News