NORTHEAST NOW (Assamese)

নগাঁৱত বিভিন্ন স্থানত বন বিভাগে অভিযান চলাই জব্দ কৰে অবৈধ কাঠফলা মিল

April 27, 2018 7:37 pm · এন ই নাও নিউজ

আজি(শুকুৰবাৰ) বন বিভাগে নগাঁও সদৰ আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন স্থানত চলি থকা অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলাই।

উল্লেখযোগ্য যে নগাঁও জিলাৰ বিভিন্ন স্থানত অবৈধ কাঠফলা মিল চলি থকা বুলি স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন কৰি আহিছিল। ফলত বন বিভাগে আজি কেইবাদিনো ধৰি অঞ্চলটোত অভিযান চলাই আহিছিল।

আজি দিনৰ ভাগত বন বিভাগৰ এটা দলে নগাঁও সদৰ আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত জুৰীয়া আৰক্ষী থানাৰ এলেকাৰ আমতলা, জামুগুৰি আৰু কালিয়াডিঙাত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলায়।

প্ৰাপ্ত তথ্য মতে নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বিষয়া প্ৰভাত বৰা আৰু ৰূপহীহাট ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত নগাঁও বন কাৰ্যালয়ৰ বনকৰ্মী, বন সুৰক্ষা বাহিনী আৰু স্থানীয় আৰক্ষীৰ সহযোগত এটা ১৮ জনীয়া দলে আমতলাত অভিযান চলাই আব্দুল মোতালিব নমাৰ এজন ব্যক্তিৰ এটা অবৈধ কাঠফলা মিল জব্দ কৰে। অৱশ্যে এই অবৈধ কাঠফলা মিলটোৰ গৰাকী পলাই সাৰিবলৈ সক্ষম হয়।

স্থানীয় ৰাইজে বন বিভাগে অঞ্চলটোত অভিযান চলালে আৰু এনে ধৰণৰ বহু অবৈধ কাঠফলা জব্দ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে। p

Related News