NORTHEAST NOW (Assamese)

নগাঁৱৰ কামপুৰত মমতাহীন মাতৃয়ে নিজ সন্তানক দলিয়ালে পুখুৰীলৈ

April 2, 2018 7:06 pm · এন ই নাও নিউজ

নগাঁও জিলাৰ কামপুৰৰ পালেংতলিত এগৰাকী মাতৃয়ে মাতৃত্বক কলংকিত কৰি নিজৰ তিনিমহীয়া কেঁচুৱাক পুখুৰীত পেলাই হত্যা কৰাৰ এক ঘটনা সোমবাৰে পোহৰলৈ আহে।

প্ৰাপ্ত তথ্য মতে নগাঁৱৰ বোৱালগুৰিৰ ৰূপজ্যোতি বৰদলৈ নামৰ মহিলাগাৰকীয়ে নিজৰ তিনিমহীয়া কেঁচুৱাটিক কান্ধি থকাৰ বাবে ৩১ মাৰ্চত পুখুৰীলৈ দলিয়াই দিয়ে।

আনহাতে মহিলাগৰাকীয়ে শিশুটি কোনো দুষ্কৃতিকাৰী অপৰহণ কৰি নিয়া বুলি পৰিয়ালৰ লোকৰ আগত অভিনয় কৰি আছিল।

অৱশেষত সোমবাৰে এজন স্থানীয় লোকৰ তত্ত্বাৱধানত কেঁচুৱাটিৰ মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।

উল্লেখযোগ্য যে পালেংতলিৰ  ৰূপজ্যোতি বৰদলৈয়ে নগাঁৱৰে বোৱালগুৰিৰ ৰাতুল বৰদলৈ নামৰ এজন যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। তিনিমাহৰ পূৰ্বে এটি কন্যা সন্তান জন্ম দিয়াৰ পিছত ৰূপজ্যোতি স্বামী গৃহৰ পৰা পিতৃ গৃহলৈ যায়। পিতৃ গৃহতে ৩১ মাৰ্চৰ দিনা কন্যা শিশুটোৱে কান্দি থকাৰ বাবে পুখুৰীত পেলাই হত্যা কৰে।

আৰক্ষীয়ে ইতিমধ্যে মাতৃগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Related News