ডিগবৈৰ বৃহত্তৰ সংযুক্ত ফ’ৰাম (Greater United Forum Digboi) নামৰ সংগঠনটোৱে আছাম অইল ডিভিজনৰ প্ৰশাসনিক চৌহদৰ প্ৰৱেশদ্বাৰত সমগ্ৰ দিনজোৰা কাৰ্যসূটীৰে অৰ্থনৈতিক কাৰ্যসূচী পালন কৰে। ডিগবৈ আৰক্ষী থানাৰ পৰা মাত্ৰ কেইশ মিটাৰ মান দূৰত সংগঠনটোৱে তেওঁলোকৰ বহুদিন ধৰি সমাধান নোহোৱা কেইটামান সমস্যা সমাধানৰ দাবীত এই অৰ্থৈতিক অৱৰোধ কাৰ্যসূচী পালন কৰে।
ভালেকেইটা স্থানীয় সংগঠনৰ প্ৰতিবাদকাৰীসকলে বৃহত্তৰ সংযুক্ত ফ’ৰামৰ বেনাৰত সমৱেত হৈ ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন, আছাম অইল জিভিজনৰ কৰ্মচাৰী আৰু বিষয়াবৰ্গক কাৰ্যালয় আৰু অন্যন্য কৰ্মস্থলীত প্ৰৱেশত বাধা দিয়ে। প্ৰতিবাদকাৰীসকলে প্ৰশাসনিক চৌহদ, শোধানগাৰ, অসামৰিক চৌহদ, ৰেছন বিপণি আদিৰ প্ৰৱেশ পথত অৱস্থান কৰি পথ বন্ধ কৰি দিয়ে। এই অৱৰোধৰ ফলত প্ৰশাসনিক আৰু শোধনাগাৰৰ স্বাভাৱিক কাম-কাজ বাধাপ্ৰাপ্ত হয়।
ফ’ৰামৰ সম্পাদক পুলিকান্ত মৰাণে আক্ষেপেৰে কয় যে ডিগবৈৰ সংস্থানহীন যুৱকসকলক ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনৰ বিভিন্ন বিভাগত আৰু গোলাইত নতুনকৈ কাৰ্যক্ষম কৰা অইল টাৰ্মিনেলটোত এশ শতাংশ ঠিকাভিত্তিক কাম দিয়া, অসামৰিক কাম-কাজ আৰু যান-বাহনৰ টেণ্ডাৰত স্থানীয় ঠিকাদাৰক অগ্ৰাধিকাৰ দিয়া, যোগ্য মহিলাসকলক নাৰ্ছৰ প্ৰশিক্ষণ দিয়া, দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা সকলক বিশেষ আৰ্থিক সহায়তা প্ৰদান কৰা, স্থানীয় দুখীয়া আৰু মেধা সম্পন্নসকলৰ বাবে জলপানিৰ ব্যৱস্থা কৰা আদি দাবী দীৰ্ঘ দিন ধৰি জনাই অহা হৈছিল যদিও আছাম অইল ডিভিজনৰ ব্যৱস্থাপনাই এই দাবীসমূহ আওকাণ কৰি আহিছে।
আছাম অইল ডিভিজনৰ ব্যৱস্থাপনাৰ ফালৰ পৰা এই দাবীসমূহ ৭২ ঘণ্টাৰ ভিতৰতে উত্তৰ দিয়াৰ আশ্বাস পোৱাৰ পাছত ফ’ৰামে ৮ ঘণ্টাজোৰা তেওঁলোকৰ অৱৰোধ কাৰ্যসূচী অৱশেষত উঠাই লয়। মাৰ্ঘেৰিটা মহকুমাৰ চক্ৰ বিষয়া ৰাকেশ চেত্ৰীৰ উপস্থিতিত ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনৰ কাৰ্যবাহী সঞ্চালকৰ হৈ আছাম অইল ডিভিজনৰ ব্যৱস্থাপনাৰ শীৰ্ষ বিষয়াবৰ্গই প্ৰতিবাদকাৰীসকলৰ হাতৰ পৰা ৫ দফীয়া স্মাৰকপত্ৰ গ্ৰহণ কৰে। উপস্থিত শীৰ্ষ বিষয়া এগৰাকীয়ে কয় যে ফ’ৰামে উত্থাপন কৰা দাবীসমূহ ব্যৱহাৰিকভাৱে কিমান সম্ভৱ সেয়া বিচাৰ কৰি তেওঁলোকে সেইমতে কাৰ্যপন্থা গ্ৰহণ কৰিব।
এছ চি /এছ টি এক্ট (উৎপীড়ণ বন্ধ) ১৯৮৯ আইনখন ৰদ কৰাৰ প্ৰতিবাদত বিভিন্ন দলিত সংগঠনে আহ্বান জনোৱা ভাৰত বন্ধৰ সময়ত সংঘটিত হোৱা ভালেকেইটা হিংসাত্মক ঘটনা, লুটপাট, আৰু হত্যাৰ সময়তেই ডিগবৈৰ স্থানীয় সংগঠনৰ এই সংযুক্ত ফৰামৰ এই প্ৰতিবাদৰ কাৰ্যসূচীয়ে বন্ধৰ সময়চোৱাত স্বাবাৱিক জনজীৱন ব্যাহত কৰি তোলে।