NORTHEAST NOW (Assamese)

নগাঁৱৰ বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

December 20, 2017 10:02 pm · কল্পজ্যোতি শইকীয়া

নগাঁৱৰ বেবেজিয়াত আজি আবেলি প্ৰায় ৩ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী এএচ ০১ এফ চি ৮৯০১ নম্বৰৰ ট্ৰেভেলাৰ আৰু বিপৰীত দিশৰ পৰা আহি থকা এএচ ০১ বি চি ৬৪৩৫ নম্বৰৰ ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই মুখামুখি সংঘৰ্ষৰ ফলত এজন লোক থিতাতে নিহত হোৱাৰ লগতে ট্ৰেভেলাৰখনত থকা ১৮জন যাত্ৰী আহত হয়। ইয়াৰে সংকটজনক অৱস্থাত থকা চিৰঞ্জীৱ বৰা, অভিষেক ভৰদ্বাজ, ৰবিন বৰ্মন, ভৱেশ মণ্ডল, ছৰিফুল ইছলাম, পল্লৱ দাসক তাৎক্ষণিকভাৱে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আনহাতে উক্ত দুৰ্ঘটনাটোত নিহত লোকজন নগাঁৱৰ এ ডি পি ৰোডৰ ঈষভ দাস বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

 

Related News