নাগা দুৰ্বৃত্তৰ কবলৰ পৰা অসমৰ যুৱকক উদ্ধাৰ কৰাৰ দাবীত প্ৰতিবাদত বহিল ৰূপজ্যোতি কুৰ্মী

ৰূপজ্যোতি কুৰ্মীৰ ফাইল ফ'টো

নাগা দুৰ্বৃত্তই অপহৰণ কৰি নিয়া অসমৰ গাড়ী চালক আৰু হেণ্ডিমেন দুগৰাকীক মুক্ত কৰি অনাৰ দাবীত মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নেতৃত্বত কংগ্ৰেছ দলে আজি চহৰখনত প্ৰতিবাদ সাব্যস্ত কৰে৷

উল্লেখযোগ্য যে যোৱা ২১ এপ্ৰিলত চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা অহা এটা দুৰ্বৃত্তৰ দলে অসমৰ গাড়ীচালক আৰু হেণ্ডিমেনক অপহৰণ কৰাৰ লগতে তেওঁলোকৰ মুক্তিপণ হিচাপে ২০ কোটি টকা দাবী কৰিছিল।

কিন্তু অপহৰণ কাণ্ড সংঘটিত হোৱাৰ আজি ১২ দিন পিছতো চালক-হেণ্ডিমেন দুগৰাকীক মুক্ত কৰি আনিবলৈ অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ প্ৰতিবাদকাৰী সকলে মৰীয়নি-মোককচাং সংযোগী ঘাইপথটো অৱৰোধ কৰি অপহৃত চালক হেণ্ডিমেন দুগৰাকীক নগা দুৰ্বৃত্তৰ হাতৰ পৰা মোকলাই আনিবলৈ চৰকাৰক দাবী জনাই পৰিবেশ উত্তাল কৰি তোলে।

উক্ত  প্ৰতিবাদটোৰ প্ৰতি আদিবাসী ছাত্ৰ সন্থাইও তেওঁলোকৰ সমৰ্থন আগবঢ়াই ইয়াক তীব্ৰ কৰি তোলে৷