সমগ্ৰ দেশক পৰিচ্ছন্ন কৰি তোলাৰ লক্ষ্যৰে কেন্দ্ৰ- ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ‘স্বচ্ছ ভাৰত অভিযান’ নামৰ অভিলাষী আঁচনি চলাই থকাৰ সময়তে নলবাৰী জিলাৰ টিহু নগৰত অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা নলা- নৰ্দমাৰ দুৰ্গন্ধময় অৱস্থাই জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷
উল্লেখযোগ্য যে টিহুৱে ১৯৫১ চনতে নগৰ হিচাপে স্বীকৃতি লাভ কৰে যদিও আজিও সৰ্বদিশতে উন্নয়নৰ পৰা বঞ্চিত হৈ আছে চহৰখন৷ বিজেপি নেতৃত্বাধীন টিহু নগৰ সমিতিখনে টিহু নগৰত থকা নলা- নৰ্দমাসমূহ দীৰ্ঘদিন চাফ- চিকুণ নকৰাৰ ফলতে সৃষ্ট দুৰ্গন্ধময় অৱস্থা এতিয়া নগৰবাসীৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে ৷
এই ক্ষেত্ৰত টিহু নগৰ সমিতিৰ সভানেত্ৰী জুপিতৰা কলিতাৰ অকৰ্মণ্যতাৰ বাবে টিহু নগৰ সমিতিৰ উন্নয়ন স্থবিৰ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে৷ টিহু নগৰৰ সমস্যা সন্দৰ্ভত নগৰ সমিতিৰ সভানেত্ৰীক অৱগত কৰিলে দৃষ্টিকটুভাৱে নগৰ সমিতিৰ অন্য সদস্যসকলৰ ওপৰত দোষ জাপি দি সভানেত্ৰী গৰাকীয়ে দায়সৰা মন্তব্য কৰে বুলিও একাংশ ৰাইজে অভিযোগ উত্থাপন কৰিছে৷
আনহাতে টিহু নগৰৰ মাজমজিয়াত অৱস্থিত টিহু মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়, উপ- পঞ্জীয়কৰ কাৰ্যালয়, সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়, টিহু হাইস্কুলৰ খেলপথাৰ, টিহু ফিডাৰ ৰ’ডৰ পৰা টিহু মহাবিদ্যালয়, টিহু ছোৱালী হাইস্কুল আৰু টিহু বন্ধন কাৰ্যালয়লৈ যোৱা পথ তিনিটা, টিহু তেল ডিপোৰ পৰা হালধীবাৰীলৈ যোৱা মূল ফিডাৰ পথত এজাক বৰষুণতে একাঁঠু পানী জমা হৈ বহুদিনলৈ থকাত ছাত্ৰ- ছাত্ৰী, শিক্ষক- কৰ্মচাৰী আৰু ৰাইজে ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগাত পৰিছে৷
টিহু মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়, উপ-পঞ্জীয়কৰ কাৰ্যালয় আদিত এনেদৰে বহুদিন ধৰি চলি থকা দুৰৱস্থাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই অদ্যপি কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷