বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তই বৃহস্পতিবাৰে আৰক্ষী থানাত অনুষ্ঠিত এক সংবাদ মেল যোগে বোকাখাতৰ কল্যাণ আশ্ৰমৰ চৌহদত নমিতা দলে কলিতা নামৰ এগৰাকী মহিলাই কৰা আত্মহত্যাৰ লগত মহকুমা আৰক্ষী বিষয়া বিতুল চেতীয়া জড়িত নহয় বুলি স্পষ্ট কৰে ৷
মহিলা গৰাকীৰ আত্মহত্যাৰ পিছত বিগত কেইদিন ধৰি দুটা মান সংগঠনে বোকাখাতত কেতবোৰ প্ৰতিবাদী কাৰ্যসুচী লৈ ঘটনাটোক এক পৰিকল্পিত হত্যা কাণ্ড বুলি কৈ মহকুমা আৰক্ষী বিষয়াকো ঘটনাৰ সৈতে জড়িত কৰিব বিচাৰিছিল ৷
সংবাদ মেলত আৰক্ষী বিষয়াগৰাকীয়ে জনায় যে মহিলা গৰাকীয়ে আত্মহত্যা কৰাৰ সবিশেষ আৰু মৃত মহিলা গৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰদৰ্শন কৰি ঘটনাতো এক আত্মহত্যা বুলি জনায় ৷ বোকাখাত আৰক্ষীয়ে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা সংগ্ৰহ কৰা মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত আত্মহত্যাৰ কথাহে চিকিৎসকে উল্লেখ কৰিছে বুলি জনোৱাৰ লগতে ৰিপৰ্টোত বলাৎকাৰৰ কোনো চিন নাই বুলিও সাংবাদিকৰ আগত স্পষ্ট কৰে ৷
এই ঘটনাত মহকুমা আৰক্ষী বিষয়াগৰাকীক মিছাই জড়িত কৰা হৈছে ৷ এই আত্মহত্যাৰ লগত মহকুমা আৰক্ষী বিষয়াগৰাকী কোনো কাৰণতে জড়িত নহয় বুলি তেওঁ অৱগত কৰে৷
উল্লেখ্য যে বোকাখাতত অসম সেৱা সমিতিৰ তত্বাৱধানত পৰিচালিত কল্যাণ আশ্ৰমত যোৱা দুবছৰ ধৰি বোকাখাত মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে কাৰ্যালয়ৰ লগতে পৰিয়ালসহ ভাড়াতীয়া হিচাপে বসবাস কৰি আহিছে ৷ কল্যাণ আশ্ৰমৰ চৌহদৰ চকীদাৰ হিচাপে ১৯৯১ চনৰ পৰা মৃত নমিতা কলিতা নামৰ মহিলা গৰাকীৰ স্বামী নৃপেন কলিতাইও পৰিয়ালসহ বসবাস কৰি আহিছে ৷
মহকুমা আৰক্ষী বিষয়াগৰাকীৰ লগত থকা গৃহৰক্ষী জোৱান মিন্টু কুমাৰ নাথৰ লগত নৃপেন কলিতাৰ মৃত পত্নী নমিতা দলে কলিতাৰ দীৰ্ঘ দিন ধৰি এক অবৈধ সম্পৰ্ক আছিল ৷ ৫ মে’ৰ বিয়লি নমিতাৰ আত্মহত্যাৰ পাছত স্বামী নৃপেন কলিতাই গৃহৰক্ষী জোৱান মিন্টু কুমাৰ নাথে পত্নী নমিতাক বলাৎকাৰ কৰি হত্যা কৰাৰ অভিযোগ আনি বোকাখাত থানাত এজাহাৰ দাখিল কৰিছিল।
নৃপেন কলিতাৰ এজাহাৰৰ ভিত্তিতে বোকাখাত আৰক্ষীয়ে মিন্টু কুমাৰ নাথক ৬ মে’ৰ নিশা তেজপুৰৰ নিজৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীৰ আগত মিন্টু কুমাৰ নাথে নমিতাৰ লগত থকা অবৈধ সম্পৰ্কৰ কথা স্বীকাৰ কৰে ৷ কিন্তু নমিতাৰ স্বামীয়ে কৰা অভিযোগ মতে তেওঁ নমিতাক হত্যা কৰা নাই বুলিও জনায় ৷ কিন্তু আত্মহত্যাৰ দিনা দিনৰ ভাগত নমিতাৰ ঘৰলৈ গৈছিল বুলিও স্বীকাৰ কৰিছে ৷
গ্ৰেপ্তাৰৰ পিছত বোকাখাত আৰক্ষীয়ে যোৱা ৭ মে’ত অভিযুক্ত মিন্টুক আদালতত হাজিৰ কৰোৱাৰ পাছত জে’ল হাজোতলৈ প্ৰেৰণ কৰে ৷ এই ঘটনাৰ লগত মহকুমা আৰক্ষী বিষয়াগৰাকীয়ো জড়িত থকাৰ অভিযোগ আনি টি এম পি কে, এম এম কে আৰু জীপাল নামৰ এটা সংগঠনে নমিতাক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ আনি কল্যাণ আশ্ৰমত থকা মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ কৰাৰ পাছত সমগ্ৰ ঘটনাটো অন্য ৰূপত এখন ব্যক্তিগত বাতৰি কাকতত প্ৰকাশ পায় ৷ বৃহস্পতি বাৰে সংবাদ মেলত বোকাখাত আৰক্ষীয়ে স্থানীয় সকলো সাংবাদিকক ঘটনাৰ সবিশেষ অৱগত কৰে ৷