নলবাৰীত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা চলি থকাৰ মাজতে শনিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছু আৰু যুৱ-ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কাৰ্যনিৰ্বাহক সভাতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ দাবী তোলে।
বিজেপিৰ কাৰ্যনিৰ্বাহক সভা চলি থকা স্থানৰ কিছু নিলগত নলবাৰী থানাৰ সমীপত ৰাজপথতে নলবাৰী জিলা ছাত্ৰ সন্থাৰ কেইবাশ কৰ্মীয়ে বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে।
ছাত্ৰ সন্থাৰ কৰ্মীসকলে নলবাৰীৰ শ্বহীদ ভৱনৰ পৰা সমদল কৰি গৰ্ডন খেলপথাৰ অভিমুখে আগবাঢ়ি যাওঁতে পল্লা ৰোডত আৰক্ষীয়ে বাধা দিয়াত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হেঁচা-ঠেলা আৰম্ভ হয়। আৰক্ষীৰ তীব্ৰ বাধাৰ পিছত প্ৰতিবাদকাৰীসকলে ৰাজপথতে আৰক্ষীৰ সন্মুখতে বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰে।
আছুৰ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীত ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক,’ ‘সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,’ ‘বিজেপি মুৰ্দাবাদ,’ ‘নৰেন্দ্ৰ মোডী মুৰ্দাবাদ,’ ‘বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া নচলিব,’ আদি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে।
প্ৰতিবাদৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰাত জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস, আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াকে ধৰি বহু সংখ্যক আৰক্ষীৰ লোক প্ৰতিবাদস্থলীত উপস্থিত হয়।
প্ৰতিবাদস্থলীতে ভাষণ দি নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকে কয় যে অসমৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে নলবাৰীৰ কাৰ্যনিৰ্বাহক সভাতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ সিদ্ধান্ত লৈ জাতীয় প্ৰেমৰ পৰিচয় দিয়ক।
আনহাতে, শনিবাৰেই নলবাৰী জিলা জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নিজৰ কাৰ্যালয়তে আঠ ঘন্টীয়া অনশন কাৰ্যসূচী পালন কৰে। পৰিষদৰ জিলা সমিতিয়ে কয় যে ‘চৰকাৰীভাৱে অসম চুক্তি ৰূপায়ন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি থকাৰ সময়তে যুটীয়া সংসদীয় সমিতিৰ অসম ভ্ৰমণ আৰু মতামত গ্ৰহণ প্ৰক্ৰিয়া গভীৰ ষড়যন্ত্ৰমূলক।
অসমৰ পৰা বিদেশী বহিস্কাৰ কৰাটো চৰকাৰৰ প্ৰধান দায়িত্ব বুলি উল্লেখ কৰি পৰিষদে জাতীয় নায়কৰ নেতৃত্বৰ চৰকাৰখনক সংবিধান প্ৰদত্ত দায়িত্ব পালন কৰাৰ বাবে আহ্বান জনায়।