NORTHEAST NOW (Assamese)

নলবাৰীৰ নৰ্থ কামৰূপ ষ্টেডিয়ামত ইণ্ড’ৰ ষ্টেডিয়াম আৰু চুইমিং পুলৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

March 31, 2018 7:27 pm · এন ই নাও নিউজ
Updated: March 31, 2018 7:54 pm

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নলবাৰীৰ নৰ্থ কামৰূপ ষ্টেডিয়ামত এটি ইণ্ড’ৰ ষ্টেডিয়াম আৰু চুইমিং পুলৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যখনৰ বিভিন্ন অংশত ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে এই আধাৰশিলা স্থাপন কৰা হয়।

গড়কাপ্টানি আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ এছ অ’ পি ডি আঁচনিৰ অধীনত এই ইণ্ড’ৰ ষ্টেডিয়াম আৰু চুইমিং পুল নিৰ্মাণ কৰা হ’ব।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে গুৱাহাটী মহানগৰীৰ দৰে ৰাজ্যখনৰ বিভিন্ন জিলা, মহকুমা আৰু গাঁও পঞ্চায়ত পৰ্যায়তো ক্ৰীড়াৰ শক্তিশালী আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে।

মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে জিলা, জিলা পৰিষদ আৰু খণ্ড উন্নয়ন পৰ্যায়তো ক্ৰীড়া প্ৰতিযোগিতা সমূহ অনুষ্ঠিত কৰাৰ বাবে বাজেটত ব্যৱস্থা ৰখা হৈছে। গাঁও অঞ্চলৰ ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৰাজ্যখনৰ ৫০০খন খেলপথাৰ উন্নয়ন সাধন কৰা হ’ব বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।

আজিৰ অনুষ্ঠানটো ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সহযোগত জিলা প্ৰশাসনে আয়োজন কৰিছিল।

অনুষ্ঠানটোত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, বিধায়কদ্বয় অশোক শৰ্মা আৰু অঙুৰলতা ডেকা, উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উপ-সঞ্চালক উদয় কুমাৰ চেতিয়াকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

আনহাতে মুখ্য মন্ত্ৰী গৰাকীয়ে অনুষ্ঠানৰ লগত সংগতি ৰাখি তৃতীয় পৰ্যায়ৰ গুণোৎসৱত উৎকৃষ্টতা প্ৰদৰ্শন কৰা বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক সকলক প্ৰমাণপত্ৰ বিতৰণ কৰে।

Related News