• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ডত কোনো বিষয়াই গাড়ীত নিজৰ পদবীযুক্ত ফলক লগাব নোৱাৰিব

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2018 9:32 pm
Neiphiu-Rio-570x320

নেইফিউ ৰিঅ: ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভি আই পি সংস্কৃতি নোহোৱা কৰাৰ পদক্ষেপ হিচাপে নৱ নিৰ্বাচিত নাগালেণ্ড চৰকাৰে এটা নিৰ্দেশনা দিছে। এই নিৰ্দেশনাত কোৱা হৈছে যে এতিয়াৰ পৰা কোনো চৰকাৰী বিষয়াই তেওঁলোকৰ গাড়ীত নিজৰ পদবীযুক্ত ফলক লগাই ঘূৰিব নোৱাৰিব।

নাগালেণ্ডৰ গৃহ আয়ুক্ত অভিষেক সিঙে কৈছে যে মটৰ ভেহিক’ল এক্ট ১৯৮৮ আৰু চেণ্ট্ৰেল মটৰ ভেহিক’ল এক্ট ১৯৮৯ মতে পঞ্জীয়ন নম্বৰৰ বাদে গাড়ীৰ নম্বৰ প্লেটত আন একোৱে থাকিব নোৱাৰে। যিসকলে এই নিয়ম ভংগ কৰে সেইসকল শাস্তি পোৱাৰ যোগ্য।

Apply Now

নিৰ্দেশনাটোত কোৱা হৈছে এই নিয়ম ভংগকাৰীসকল মটৰ ভেহিক’ল এক্ট ১৯৮৮ৰ অধীনত ১৭৭ ধাৰাত শাস্তিৰ মুখামুখি হ’ব লাগিব।

আনহাতে মন্ত্ৰী আৰু বিধায়কসকলৰ অসুবিধা নহ’বৰ বাবে নিৰ্দেশনাটোত কোৱা হৈছে যে ৰাজ্যখনৰ ভিতৰত ঘূৰা-ফিৰাৰ সুবিধা কৰিবৰ বাবে তেওঁলোকৰ গাড়ীত উপযুক্ত ৰঙৰ কাৰ ষ্টিকাৰ লগোৱা হ’ব।

উল্লেখযোগ্য যে নৱ গঠিত নেইফিঅ’ ৰিঅ’ নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকতো এই সিদ্ধান্ত লোৱা হৈছিল যে ভি আই পি সংস্কৃতি নোহোৱা কৰা হ’ব আৰু মন্ত্ৰী, বিধায় বা চৰকাৰী বিষয়াসকলে গাড়ীত নামফলক, পদবী লগোৱা ব্যৱস্থা উঠাই দিয়া হ’ব। তাৰ পৰিৱৰ্তে বিশেষকৈ মন্ত্ৰী-বিধায়কসকলৰ সুবিধাৰ্থে বাবে ৰঙীন কাৰ পাছ দিয়া হ’ব।

কেবিনেট বৈঠকে লগতে ৰাজ্যপাল, মুখ্য মন্ত্ৰী, উপ মুখ্য মন্ত্ৰী, অধ্যক্ষ আৰু উপাধ্যক্ষৰ বাদে আনসকলো বিষয়াকে পাইলট আৰু নিৰাপত্তা এছক’ৰ্ট ব্যৱহাৰত বাধা নিষেধ আৰোপ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ৰাজ্যখনৰ ৰাজধানী আৰু ডিমাপুৰত যাতে মন্ত্ৰী-বিষয়াসকলে নিৰাপত্তাৰক্ষী নোলোৱাকৈ ঘূৰা-ফিৰা কৰিব পাৰে, তাৰ বাবে নিৰাপত্তা ব্যৱস্থা উন্নত কৰাৰো সিদ্ধান্ত লোৱা হয়।

আনহাতে সুপ্ৰশাসন আৰু নিকা প্ৰশাসনৰ বাবে সকলো বিভাগকে তেওঁলোকৰ কৰ্মচাৰী, হিতাধিকাৰী, পেন্সনাৰ আদিৰ তথ্যক আধাৰকাৰ্ডৰ সৈতে ১০০ দিনৰ ভিতৰত সংযোগ কৰিবলৈ সময়সীমা বান্ধি দিয়ে। নাগালেণ্ডৰ বাহিৰত পঢ়ি থকা ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলক সামৰি ল’ব পৰাকৈ এখন বীমা আঁচনিও অহা ১০০ দিনৰ ভিতৰত মুকলি কৰাৰ সিদ্ধান্ত লয় বৈঠকে।

মন কৰিব লগীয়া যে প্ৰায়বোৰ নৱ গঠিত চৰকাৰেই চমক দিয়াৰ উৎসাহত এনে ধৰণৰ ভি আই পি সংস্কৃতিৰ অৱসান ঘটোৱাৰ সিদ্ধান্ত ঘোষণা কৰে যদিও মূৰকত গৈ একো হৈ নুঠেগৈ। দুবছৰৰ পূৰ্বে অসমৰ সোণোৱাল চৰকাৰেও ক্ষমতালৈ আহিয়ে অনুৰূপ কিছুমান ঘোষণা কৰিছিল যদিও পুনৰ গতানুগতিকতালৈ ঘূৰি যোৱা দেখা গ’ল। আনকি প্ৰথম অৱস্থাত ৰে’লগাড়ীত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ভ্ৰমণ কৰি চমক দিয়া সোণোৱালে পিছত ব্যক্তিগত ভ্ৰমণতো হেলিকপ্তাৰ ব্যৱহাৰ কৰা হ’ল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd