• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ডত নিৰ্বাচনী প্ৰচাৰৰ সময়ত শান্তিপূৰ্ণ সহযোগ বিচাৰিলে ৰাজ্যপাল পি বি আচাৰ্য্যই

এন ই নাও নিউজ by এন ই নাও নিউজ
January 27, 2018 1:44 pm
Nagaland Governor
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচন সমাগত নাগালেণ্ডত নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাটো নিৰ্বাচন আয়োগৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ উঠিব পাৰে। নাগালিম বিষয়টো ইয়াৰ কাৰণ হিচাপে চিহ্নিত কৰিব পাৰি। এই শংকা কেৱল ৰাজনৈতিক বিশ্লেষকৰে নহয়, নিৰ্বাচন আয়োগ তথা সংশ্লিষ্ট কৰ্তৃপক্ষবোৰৰ মাজতো দেখা গৈছে।

নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্য্যই নাগা ৰাজনৈতিক দল আৰু নাগালেণ্ডবাসীক নিৰ্বাচনী প্ৰচাৰৰ সময়ত শান্তিপূৰ্ণ সহযোগিতা আগ বঢ়াবলৈ জনোৱা আহ্বানৰ মাজতো এনে শংকাৰ প্ৰতিফলন দেখা গৈছে।

Apply Now

কালি ক’হিমাৰ নাগালেণ্ড ছেক্ৰেটেৰিয়েট প্লাজাত ৬৯ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিতসকলক সম্বোধন কৰি ৰাজ্যপালজনে কয় যে সকলোৱে নিৰ্বাচনী প্ৰচাৰৰ সময়ত শান্তি, শৃংখলা আৰু মৰ্য্যাদা বৰ্তাই ৰাখিব লাগে।

ৰাজ্যপালজনে নাগালেণ্ডৰ গীৰ্জাসমূহ, স্বেচ্ছাসেৱী সংস্থাসমূহ আৰু সমাজগোটবোৰে নিকা নিৰ্বাচনৰ বাবে অভিযান চলোৱাটোত সন্তুষ্টি প্ৰকাশ কৰে।

তেওঁ নিজৰ বক্তব্যত নাগালেণ্ডক এখন যৌৱনা ৰাজ্য বুলি অভিহিত কৰি কয় যে ৰাজ্যখনৰ ৬০% লোক ২৫ বছৰ বয়সৰ তলৰ আৰু এনে এখন ৰাজ্য গোটেই দেশৰ বাবেই গৌৰৱ। তেওঁ নিজৰ বক্তব্যৰ মাজেৰে নাগা ৰাজনৈতিক সমস্যাৰ সমাধানৰো ইংগিত দিয়ে।

যোৱা বছৰবোৰত, নাগা ৰাষ্ট্ৰীয় ৰাজনৈতিক গোট (এন এন পি জি), গীৰ্জা, সামাজিক গোটবোৰ আৰু বেচৰকাৰী সংস্থাবোৰে নাগা ৰাজনৈতিক সংকট দূৰ কৰাৰ বাবে কৰা অহোপুৰুষাৰ্থৰ কথাও তেওঁ স্বীকাৰ কৰে।

তেওঁ ড০ টি আওৰ আদৰ্শৰ দ্বাৰা সকলোৱেই অনুপ্ৰাণিত হোৱাৰ কথাও কয়। উল্লেখযোগ্য যে ড০ টি আওৰ তেতিয়াৰ অসমৰ নাগাপাহাৰ জিলাত জন্ম হৈছিল আৰু তেওঁ এজন সুদক্ষ ফুটবলাৰ হোৱাৰ লগতে চিকিৎসকো আছিল। তেওঁ স্বাধীন ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল দলটোৰ প্ৰথমজন অধিনায়ক আছিল। কাইলৈ তেওঁৰ জন্মদিন। ৰাজ্যখনত তেওঁৰ জন্মদিন গৌৰৱেৰে পালন কৰা হয়।

আনহাতে নাগা ৰেজিমেণ্টৰ বিষয়া আৰু জোৱানসকলৰ সাহস আৰু দৃঢ়তা তথা কাৰ্গিল যুদ্ধৰ সময়ত এই ৰেজিমেণ্টটোৰ ভূমিকাৰো ৰাজ্যপালজনে শলাগ লয়।

তেওঁ ৰাজ্যখনক বাকী অংশৰ সৈতে সমানে আগুৱাই নিয়াৰ বাবে পথ, ৰে’ল আৰু বিমান সেৱা উন্নত কৰাৰ কথা কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

August 22, 2026 11:51 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

August 22, 2026 11:30 am
তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

August 22, 2026 11:04 am
সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

August 22, 2026 11:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

August 22, 2026 11:51 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

August 22, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd