আজি চাৰি দিন ধৰি ভাৰতীয় বায়ুসেনা বাহিনীৰ হেলিকপ্টাৰেৰে নাগালেণ্ডৰ বৰ্ষা বিঘ্নিত এলেকাসমূহত নিত্য ব্যৱহাৰ্য সামগ্ৰী এয়াৰড্ৰপ কৰি আছে। আজি বায়ুসেনা বাহিনীৰ হেলিকপ্টাৰেৰে কিফাৰে জিলাৰ কেইটামান অতি বেয়াকৈ বাৰিষাৰ বৰষুণ আৰু ইয়াৰ ফলত ভূমি স্খলনত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা এলেকাত নিত্য ব্যৱহাৰ্য সামগ্ৰী এয়াৰড্ৰপ কৰি আছে।ভূমি স্খলন আৰু ইয়াক ধৰি ৰখা দেৱাল ভাগি পৰাৰ ফলত বিগত দুসপ্তাহ ধৰি কিফাৰে জিলাৰ সৈতে ৰাজ্যখনৰ অন্যন্য প্ৰান্তৰৰ যোগাযোগ বিচ্ছিন্ন হৈ আছে।
ভাৰতীয় বায়ুসেনা বাহিনীৰ হেলিকপ্টাৰেৰে নাগালেণ্ডৰ টেনিং, টবু, পানগ্ৰো আৰু নোকলাক আদি স্থানতো নিত্য ব্যৱহাৰ্য সামগ্ৰী এয়াৰড্ৰপ কৰি আছে।ইতিমধ্যে সাতটা গাইগুটীয়া অভিযানত (sortie) চাউল, ডাইল, আলু, পিঁয়াজ, ৰন্ধন কাৰ্যত ব্যৱহাৰ্য তেল, নিমখ, পাউডাৰ গাখীৰ, চেনী, চাহপাত আদি প্ৰায় ১০,৩৫২ কেজি নিত্য ব্যৱহাৰ্য সামগ্ৰী ভাৰতীয় বায়ুসেনা বাহিনীৰ হেলিকপ্টাৰে এয়াৰড্ৰপ কৰিছে।
সূত্ৰৰ পৰা জানিব পৰা গৈছে যে ৰাজ্যখনৰ ১০৩ টা স্থান বেয়াকৈ প্ৰভাৱিত হৈছে। ভূমি স্থলনৰ ফলত পথ যোগাযোগ ব্যাহত হৈ পৰাৰ ফলত এই স্থানসমূহলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰাত অসুবিধাজনক হৈ পৰিছে।
ৰাজ্যখনৰ নষ্ট হোৱাখিনি মেৰামতি কৰাৰ বাবে আনুমানিক ১০০ কোটি টকাৰ প্ৰয়োজন হ’ব বুলি সূত্ৰটোৱে জনাইছে।
দেওবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজু, নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিউ ৰিঅ’, নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (NSDMA) আৰু কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ বিষয়াসকলে বানাক্ৰান্ত এলেকাসমূহৰ এটা আকাশমাৰ্গৰ জৰীপ চলায়।
নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ বিষয়া জনি ৰুৱাংমেইয়ে কৈছে যে নাগালেণ্ডৰ পুনৰ্গঠনৰ বাবে বিশেষ পেকেজ বিছাৰিছে।
জনি ৰুৱাংমেইয়ে কৈছে যে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিৰোধ নিধিৰ পুঁজি অত্যন্ত সীমিত হোৱা বাবে ৰাজ্যখনৰ ধ্বংসপ্ৰাপ্ত আন্তৰ্গাঁথনিৰ পুনৰ্নিৰ্মাণৰ বাবে ৰিজেজুলৈ বিশেষ পেকেজ অনুমোদন কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে।
তেওঁ আৰু কৈছে যে ৰাজ্যখনৰ আন্তৰ্গাঁথনিৰ পুনৰ্নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বিশেষ পেকেজ অনুমোদনৰ বাবে সহযোগী মন্ত্ৰ্যালয়সমূহলৈ ৰিজেজুৰ দ্বাৰা মৌখিক আৱেদনো প্ৰেৰণ কৰা হৈছে।