NORTHEAST NOW (Assamese)

নাগালেণ্ডৰ সংগীত শিল্পী আল’ব’ নাগাক অভিনন্দন ৰাজ্যপাল পি বি আচাৰ্যৰ

April 9, 2018 10:06 am · এন ই নাও নিউজ
Updated: April 9, 2018 10:08 am

মুম্বাইত আয়োজিত আৰ্টিষ্ট এলাউড মিউজিক এৱাৰ্ড অনুষ্ঠানত নাগালেণ্ডৰ সংগীত শিল্পী আল’ব’ নাগাই তিনিটা শিতানত এৱাৰ্ড লাভ কৰা কাৰ্যত ৰাজ্যখনৰ ৰাজ্যপাল পি বি আচাৰ্যই শুভেচ্ছা প্ৰদান কৰে।

এটা শুভেচ্ছা বাৰ্তাত ৰাজ্যপাল আচাৰ্যই কয় যে আল’ব’ৱে লাভ কৰা এই এৱাৰ্ডে তেওঁৰ প্ৰতিভা আৰু সংগীতৰ প্ৰতি থকা গভীৰ নিষ্ঠাকে সূচায়। ‘তোমাৰ দৃঢ়তা আৰু ব্যক্তিগত প্ৰদৰ্শনক আমি শলাগ লৈছো’, এই বুলি কয় ৰাজ্যপালগৰাকীয়ে।

আনহাতে অনাগত দিনবোৰতো যেণ আল’বোৱে এনেদৰে সমাজৰ হৈ কাম কৰি যায় তাৰ বাবেও ৰাজ্যপাল আচাৰ্যই উৎসাহিত কৰে সংগীত শিল্পীগৰাকীক।

নাগালেণ্ডৰ এই ব্যতিক্ৰমী সংগীত শিল্পীগৰাকীয়ে এৱাৰ্ড গ্ৰহণ কৰি উত্তৰ-পূবৰ সকলো শিল্পীলৈ উক্ত এৱাৰ্ড উৎসৰ্গিত কৰে। এৱাৰ্ড গ্ৰহণ কৰি আল’ব’ৱে কয়, ‘উত্তৰ-পূবত থকা সংগীত শিল্পীসকলক মই এই এৱাৰ্ড উৎসৰ্গা কৰিলো। মই উত্তৰ-পূবৰ শিল্পীসকলক প্ৰতিনিধিত্ব কৰি এই বঁটা গ্ৰহণ কৰিলো’।

চেলিব্ৰেটী জীৱন যাপনৰ পৰা নিজকে আঁতৰত ৰাখি ভাল পোৱা MTV ৰ পুৰস্কাৰপ্ৰাপ্ত এইগৰাকী সংগীত শিল্পীয়ে কয়- ‘মই মোৰ চহৰখনক এৰি এখন সৰু সংগীত একাডেমি আৰম্ভ কৰিছো। কিন্তু মই সুখী কিয়নো ঘৰত থাকিয়েই মই সংগীতৰ বাবে যি মন যায় তাকেই কৰিব পাৰো।

উল্লেখ্য যে এই এৱাৰ্ড অনুষ্ঠানতে কৈলাশ খেড়, শংকৰ মহাদেৱন, হাৰ্ড কৌৰ, জচ্ছীৰ লগতে বহুতো শিল্পীয়ে এৱাৰ্ড লাভ কৰে।

Related News