ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণ আৰু সাধাৰণ আৰু অসামৰিক উড়ণ সঞ্চালকালয় আৰু পৰিৱেশ, বন আৰু জয়বায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ এটা সাতজনীয়া দলে আজি কোহিমাত উপস্থিত হৈ ৰাজধানী চহৰখনৰ পৰা ২০ কি:মি: নিলগত অৱস্থিত চিথুত এটা গ্ৰীনফিল্ড বিমান বন্দৰৰ সম্ভাৱনীয়তাৰ ওপৰত এটা অধ্যয়ন চলায়।
বুধবাৰে পুৱা চিথুলৈ যোৱাৰ পূৰ্বে নাগালেণ্ডৰ পৰিবহণ আৰু অসামৰিক উড়ণ মন্ত্ৰী পাইৱাং কনিয়াকে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে কেন্দ্ৰীয় চৰকাৰৰ দলটোৱে এটা নতুন বিমান বন্দৰটো নিৰ্মাণৰ সম্ভাৱনীয়তা সম্পৰ্কত এটা জৰীপ চলাব। দলটোৱে ৰাজ্যখনৰ পৰিবহণ বিভাগৰ বিষয়াসকলৰ সৈতে ৫ৰ পৰা ১০ দিনীয়া জৰীপ এটা সম্পন্ন কৰিব।
কনিয়াকে কয় যে এই প্ৰকল্পটোৰ বাবে ইতিমধ্যে ৬৪৫ কোটি টকা ব্যয়সাপেক্ষে ৩৫০ একৰ ভূমি ক্ৰয় কৰা হৈছে।অসামৰিক উড়ণ সঞ্চালকালয় আৰু ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে এই শেহতীয়া জৰীপটো অনুমোদন কৰিব বুলি কনিয়াক আশাবাদী।
উল্লেখ্য যে ২০০৬ চনতে চিথু এটা গ্ৰীনফিল্ড বিমান বন্দৰৰ জৰীপ চলোৱা হৈছিল যদিও সেয়া অজ্ঞাত কাৰণত অনুমোদিত হোৱা নাছিল।কনিয়াকে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহায়ত এই প্ৰকল্পটো বাস্তৱায়িত হ’ব।
কেন্দ্ৰীয় বিষয়াবৰ্গই জনাইছে যে সব ঠিকে ঠাকে থাকিলে ২০২১ৰ আশে পাশে বিমানঘাটিটো কাৰ্যক্ষম হৈ উঠিব। দলটোৱে তেওঁলোকৰ প্ৰতিৱেদন ১০ দিনৰ ভিতৰত জমা দিব কেন্দ্ৰীয় বিষয়াবৰ্গই জনাইছে।
দলটোৰ মুৰব্বী ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ যুটীয়া মহা প্ৰৱন্ধক এছডি তিৱাৰীয়ে কৈছে যে পূৰ্বৰ জৰীপ ৰদ হোৱা হেতুকে তেওঁলোকে নতুনকৈ জৰীপ চলাব।
তেওঁ আৰু কৈছে, ‘‘ৰাজ্য চৰকাৰৰ নিজা দলটোৱে সম্পন্ন কৰা জৰীপৰ তথ্যৰ প্ৰাসংগিকতা আছে। আমি দুয়োটা জৰীপৰ প্ৰতিৱেদনেই অসামৰিক উড়ণৰ কেন্দ্ৰীয় মন্ত্ৰ্যালয়ৰ বিৱেচনাৰ বাবে প্ৰেৰণ কৰিম।’’
যদিহে কেন্দ্ৰই এই প্ৰকল্পটোলৈ অনুমোদন জনায়, তেন্তে নাগালেণ্ডৰ ৰাজধানীৰ সমীপত দ্বিতীয়তো বিমান বন্দৰ স্থাপিত হ’ব।