নাগৰিকত্ব সংশোধনৰ আইনী প্ৰক্ৰিয়া সম্পৰ্কত ভুল ব্যাখ্যাৰে জনসাধাৰণক বিভ্ৰান্ত কৰাৰ লগতে এই আইনক প্ৰকাৰন্তৰে সমৰ্থন কৰা ব্যক্তি তথা সংগঠনৰ বিৰুদ্ধে প্ৰদৰ্শণ কৰা অসহিষ্ণুতাত আশ্চৰ্যপ্ৰকাশ কৰিছে ‘পেট্ৰিয়টিক পিপলছ ফ্ৰন্ট, অসম’ এ ৷ এক বিবৃতিযোগে ‘পিপিএফএ’ ই নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত সুস্থ, সহিষ্ণু আৰু গঠনমূলক বিতৰ্কৰ পোষকতা কৰিছে৷
‘’ইতিমধ্যে কিছু সংগঠনে বাৰম্বাৰ এই বিধেয়কখন কেৱল অসমকেন্দ্ৰিক আৰু এই আইন সংশোধন হ’লে লাখে-লাখে বাংলাদেশৰ মানুহ আহি অসমত সোমাব বুলি প্ৰচাৰ চলাইছে ৷ তদুপৰি এইসকল শৰণাৰ্থীক কেৱল বাংলাদেশৰ হিন্দু বুলিহে অভিহিত কৰা হৈছে, অথচ এই আইনখনৰ সুবাদতে ২০১৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত বাংলাদেশৰ পৰা আহি ভাৰত তথা অসমত বাস কৰা বহু কোচ-ৰাজবংশী, হাজং, চাকমা, জয়ন্তীয়া, বিষ্ণুপ্ৰিয়া, আদিবাসী, খাচী, গাৰো, বড়ো পৰিয়ালে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব ‘’-বিবৃতিটোত এইদৰে কোৱা হৈছে।
এই আইনখনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি ‘পিপিএফএ’ ই দাবী কৰে যে নাগৰিকত্ব প্ৰদানৰ লগে-লগে শৰণাৰ্থীসকলক ভাৰতৰ বিভিন্ন প্ৰান্তত সমবিতৰণৰ ব্যবস্থা কৰিব লাগে আৰু যিসকলে বৈধভাৱে অসমত থাকিব খোজে, তেওঁলোকে শিক্ষাৰ মাধ্যম হিচাপে অসমীয়া ভাষা গ্ৰহণ কৰি অসমৰ সৰ্বাংগীণ উন্নয়নত সক্ৰিয় সহযোগ কৰি এখন শক্তিশালী ভাৰত নিৰ্মানত মনোনিবেশ কৰিব লাগে৷
‘পি পি এফ এ’ই লগতে বিবৃতিটোত কৈছে যে ‘’আইনখনৰ সংশোধনীৰ লগতে সমগ্ৰ দেশৰ দৰে অসমতো বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ৰ সলনি ১৯৫১ হ’ব লাগে, কাৰণ খৰ্গেশ্বৰ তালুকদাৰকে ধৰি ছবছৰীয়া অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদে প্ৰাণ বিসৰ্জন দিছিল ১৯৫১ চনক বিদেশী বহিষ্কৰণৰ ভিত্তিবৰ্ষ অৰ্থাৎ লক্ষ্য হিচাপে লৈ ৷ গতিকে ১৯৫১ৰ পৰিবৰ্তে ১৯৭১ কৰাৰ অৰ্থই হ’ব ৮৫৫ শ্বহীদৰ আত্মত্যাগক অপমান কৰা ৷’’
‘পিপিএফএ’ ই মত প্ৰকাশ কৰে যে বিশেষ মানৱীয় কাৰণ বা আন্তৰ্জাতিক সমস্যাৰ উদ্ভৱ হোৱাৰ আশংকা থাকিলে অৱশ্যে কেন্দ্ৰীয় চৰকাৰে চিনাক্ত কৰা বিদেশীসকলক ভোটাধিকাৰ বিহীনভাৱে কৰ্মৰ অনুজ্ঞাপত্ৰ(ৱৰ্ক পাৰ্মিট)দিয়াৰ সিদ্ধান্ত ল’ব পাৰে ৷
‘পিপিএফএ’এৰ তৰফৰ পৰা ৰূপম বৰুৱা, নৱ ঠাকুৰীয়া, জগদীন্দ্ৰ ৰায়চৌধুৰী, প্ৰমোদ কলিতা, কিশোৰ গিৰিকে ধৰি প্ৰায় পঞ্চাশ গৰাকী সদস্যই সমূহীয়াভাৱে এই বিবৃতিত স্বাক্ষৰ কৰিছে।