NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়কৰ তীব্ৰ বিৰোধী কলা শাখাৰ দ্বিতীয় স্থানপ্ৰাপ্ত নগাঁৱৰ ত্ৰিদীপ

May 31, 2018 9:42 pm · মিন্টূ দাস

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত দ্বিতীয় স্থান লাভ কৰি কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ ত্ৰিদীপ বৰাই জিলাখনলৈ গৈৰৱ কঢ়িয়াই আনিছে।

উল্লেখযোগ্য যে মুঠ ৪৮৫ নম্বৰলৈ উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰগৰাকী ৰাজ্যৰ ভৱিষ্যতকলৈও সমানে উদ্বিগ্ন, নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছাত্ৰজনে, ‘এই বিধেয়কখনৰ মই তীব্ৰ বিৰোধিতা কৰো’ বুলি কয়।

তেওঁ আৰু কয়, ‘জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ কথা কোৱা ৰাজ্য চৰকাৰখনে অসমৰ ৰাইজৰ আৱেগৰ লগত খেলা কৰিব নালাগে। এনে কৰিলে পূৰ্বৰ দৰে অসমৰ স্বাৰ্থত ছাত্ৰ সমাজে প্ৰবল আন্দোলন গঢ়ি তুলিব।’

নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী চকৰিগাঁৱৰ নিবাসী, বিদ্যুৎ বিভাগৰ কৰ্মচাৰী মণি বৰা আৰু  মাখনি বৰাৰ পুত্ৰ ত্ৰিদীপে ইংৰাজীত ৯৫, অসমীয়াত ৯৮, ভূগোলত ৯৮, ৰাজনৈতিক বিজ্ঞানত ৯৭ আৰু শিক্ষা বিজ্ঞানত ৯৭ নম্বৰ লাভ কৰিছে।

আনহাতে নিজৰ ফলাফলকলৈ সুখী যদিও পৰীক্ষা চলি থকাৰ সময়ত তেওঁ যিটো কেন্দ্ৰৰ পৰা পৰীক্ষা দিছিল সেই কেন্দ্ৰৰ পৰিদৰ্শকৰ অসুবিধাৰ বাবে কিছু সমস্যাত পৰিছিল বুলি কৈ ইয়াৰ বাবেই প্ৰথমস্থান লাভ কৰিব নোৱাৰিলে বুলি ত্ৰিদীপে আক্ষেপ কৰে।

বৰ্তমান ভূগোল বিষয়ক গুৰু বিষয় হিচাপে লৈ নগাঁও মহাবিদ্যালয়ত অধ্যয়ন কৰিব বুলি মন্তব্য কৰা ত্ৰিদীপৰ ভৱিষ্যতে এজন প্ৰশাসনিক বিষয়া হোৱাৰ মন। গান গাই ভাল পোৱা ছাত্ৰজনৰ প্ৰিয় সাহিত্যিক হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা।

Related News