NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়ক : গুৱাহাটীত আছু-২৮টা সংগঠনৰ প্ৰতিবাদৰ বিপৰীতে নতুন দিল্লীত জয়ধ্বনি

June 29, 2018 9:12 pm · ৰাজীব ৰয়
প্ৰতিনিধিত্বমূলক ছবি

বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব বিধেয়কৰ সৰ্বাত্মক বিৰোধিতাৰে আছু আৰু ২৮টা সংগঠনে গুৱাহাটীত আজি ২৯ জুনত বিশাল প্ৰতিবাদ কৰাৰ বিপৰীতে বিধেয়কখন যিমান পাৰি সোনকালে সংসদত গৃহীত কৰাৰ দাবীৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱক নতুন দিল্লীত সাক্ষাৎ কৰিছে বৰাকৰ নাগৰিক দল এটাই।

‘আমি বিধেয়কখন সমৰ্থন কৰো। বিধেয়কখনে অকল বাঙালী হিন্দুৰে নহয়, আন ধৰ্মৰ লোকৰ কথাও কৈছে,’ নতুন দিল্লীত আজি ২৯ জুনত এক সংবাদমেলত ক’লে সুশাংসু শেখৰ ভট্টাচাৰ্য্যই।

বৰাকৰ পৰা যোৱা ৩০ জনীয়া নাগৰিক দলটোৱে যোৱা কেইদিনত গৃ্হ মন্ত্ৰী আৰু ৰাম মাধৱৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৱি কে’ সিং, বিজেপিৰ জ্যেষ্ঠ নেতা সুব্ৰমনিয়ন স্বামী আদিকো লগ কৰিছে।

‘আমি বিধেয়কখন সমৰ্থন কৰি স্মাৰক পত্ৰ দিছো। বিধেয়কখন যিমান পাৰি সোনকালে গৃ্হীত কৰিবৰ বাবে আমি কেন্দ্ৰীয় নেতাসকলক আহ্বান জনাইছো,’ নাগৰিক দলটোৰ আন এজন প্ৰতিনিধি বিবেক প’দ্দাৰৰ মন্তব্য।

তাৰোপৰি দিতেনশ্যন কেম্পত থকা লোকসকলৰ ক্ষেত্ৰত হোৱা মানৱ অধিকাৰ উলংঘন সন্দৰ্ভটো নতুন দিল্লীত মানৱ অধিকাৰ আয়োগৰ প্ৰতিনিধিক দলটোৱে সাক্ষাৎ কৰে।

‘দিতেনশ্যন কেম্পত হোৱা মানৱ অধিকাৰ উলংঘনৰ কিছুমান গুৰুতৰ বিষয় আমি উত্থাপন কৰিছো,’ জনালে এজন সদস্যই।

Related News