নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবী : দিল্লীলৈ চাইকেলেৰে গৈ গৃহ মন্ত্ৰীক সাক্ষাৎ বোকাখাতৰ চাহ বাগিচাৰ যুৱকৰ

অসমৰ জ্বলন্ত সমস্যাসমূহ প্ৰধানমন্ত্ৰীক অৱগত কৰিবৰ বাবে বোকাখাত সমষ্টিৰ দুই যুৱকে চাইকেলেৰে যাত্ৰা কৰিছিল দেশৰ ৰাজধানী দিল্লীলৈ| বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰঙামাটি চাহ বাগিছাৰ গণেশ ৰবিদাস আৰু মৃগেন ৰবিদাসে কেন্দ্ৰীয় চৰকাৰে অসমত প্ৰৱৰ্তন কৰিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, কাজিৰঙাৰ গঁড় হত্যা ৰোধ, নাৰী নিৰ্যাতন বন্ধ কৰা, চাহ বাগিচা অধ্যুষিত এলেকাৰ চাহ শ্ৰমিকসকলক সুৰক্ষা প্ৰদানকে ধৰি কেইবাটাও দাবী লৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ উদ্দেশ্যে যোৱা ২৯ এপ্ৰিলত বোকাখাতৰ ৰঙামাটিৰ পৰা চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছিল৷ সুদীৰ্ঘ ২৪ দিনৰ অন্তত গণেশ ৰবিদাস আৰু মৃগেন ৰবিদাসে যোৱা ২২ মে’ত দিল্লীৰ অসম ভৱনত উপস্হিত হয়৷ কিন্তু সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৰাছিয়া ভ্ৰমণত থকাৰ বাবে অসমৰ জ্বলন্ত সমস্যাক প্ৰধানমন্ত্ৰী নিজমুখে অৱগত কৰিব নোৱাৰি প্ৰধানমন্ত্ৰী মোডীৰ লগত ইমেইলেৰে যোগাযোগ কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুয়োকে গৃহমন্ত্ৰীক সাক্ষাতৰ সুবিধা কৰি দিয়ে৷ প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তে অসমৰ দুই যুৱকে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ লগতে আন কেইবাটাও দাবীসম্বলিত স্মাৰক পত্ৰ দুই কেন্দ্ৰীয় মন্ত্ৰীক পৃথকে পৃথকে প্ৰদান কৰি অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ বাবে দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক আহ্বান জনায়৷ দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে সমস্যাসমূহ সমাধানৰ বাবে প্ৰচেষ্টা চলাব বুলি আশ্বাস প্ৰদান কৰে দুই যুৱকক৷ এসপ্তাহ দিল্লীৰ ঐতিহাসিক ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰি দিল্লীৰ পৰা ৰে’লেৰে আহি দেওবাৰে পুৱা গুৱাহাটীত উপস্হিত হোৱা দুই যুৱক আজি বিয়লি বোকাখাতৰ গড়কাপ্টানি বিভাগৰ অতিথিশালাত উপস্হিত হয়।  অসমৰ পৰা দিল্লী যাত্ৰাকালত অসম আৰক্ষীৰ লগতে পশ্চিমবঙ্গ আৰু বিহাৰ আৰক্ষীয়ে দুই যুৱকক যথেষ্ট সহায় কৰা বুলি তেওঁলোকে আজি সাংবাদিকক জানিবলৈ দিয়ে৷ ৰঙামাটিৰ পৰা ঝুমুৰ দল আৰু অগণন লোক আহি বোকাখাততে যুৱকদ্বয়ক আদৰণি জনায়৷ বোকাখাতত বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখা আৰু বহু ব্যক্তিয়ে সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷ যাত্ৰাকালত বহু অভিজ্ঞতা লাভ কৰা গণেশ আৰু মৃগেনে ভৱিষ্যতে অসমৰ জ্বলন্ত সমস্যাসমূহৰ বাবে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিব বুলিও সাংবাদিকক জানিবলৈ দিয়ে৷ উল্লেখ্য যে দুই যুৱকৰ এই চাইকেল যাত্ৰাত ৰঙামাটিবাসী ৰাইজৰ লগতে কৃষিমন্ত্ৰী অতুল বৰাইও আৰ্থিক সাহায্য আগবঢ়াইছিল৷