নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত হাওৰাঘাট, ৰঙিয়াত ছাত্ৰ সন্থাৰ উদ্যোগত গণ বিক্ষোভ

সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলং, ৰঙিয়াতো নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত আজি সদৌ অসম ছাত্ৰ সন্থাৰ হাওৰাঘাট আঞ্চলিকৰ উদ্যোগত এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

এই গণ বিক্ষোভ কাৰ্যসূচীত স্থানীয় জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কাৰ্বি ছাত্ৰ সন্থা, হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিয়েও সহযোগ আগবঢ়ায়। হাওৰাঘাটৰ ৰাজপথৰ ওপৰেদি বাহিৰ কৰা এই গণ বিক্ষোভ কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে ‘অসম চৰকাৰ হায়-হায়, বিজেপি মুৰ্দাবাদ, বাংলাদেশী হুঁচিয়াৰ, জাতিধ্বংসী বিধেয়ক, ২০১৬ বাতিল কৰক’ আদি প্ৰতিবাদী শ্ল’গানেৰে ৰাজপথত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

একেদৰে ৰঙিয়াতো আজি নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত মধ্য পাণ্ডুৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

এই বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্য্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাঃ সম্পাদক হেমন্ত দাস, উপদেষ্টা ধীৰাজ ৰাজবংশী, মহকুমা ছাত্ৰ সন্থাৰ সভাপতি হেমেন দাস, সাঃ সম্পাদক ভৱজ্যোতি ডেকা, শিক্ষা সম্পাদক তৌফিকুৰ ৰহমান, মধ্য পাণ্ডুৰী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ধীৰাজ শৰ্মা, সাঃ সম্পাদক জিন্টু মনি কলিতাৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচীটোত অংশগ্ৰহণ কৰে।