তেজপুৰৰ কোৰ্ট চাৰিআলিৰ ওচৰত আজি তেজপুৰৰ সাংবাদিক সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি নাগৰিকত্ব (সংশোধনী)বিধেয়ক ২০১৬ৰ বিৰুদ্ধে তেওংলোকৰ প্ৰতিবাদ সাব্যস্ত কৰে।
এঘণ্টাজোৰা এই প্ৰতিবাদী কাৰ্যসূচী সংগঠিত কৰিছিল উত্তৰ পাৰৰ আগশাৰীৰ সাংবাদিকসকলৰ সংস্থা ‘শোণিতপুৰ সাংবাদিক সংস্থা’ই। এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা সাংবাদিক সন্থাসমূহ আছিল সদৌ অসম সাংবাদিক সন্থা, ৰঙাপৰা প্ৰেছ ক্লাব, বালিপাৰা প্ৰেছ ক্লাব আৰু নাদৱৰ প্ৰেছ ক্লাব। এই প্ৰিবাদী কাৰ্যসূচীৰ পাছত প্ৰতিবাদকাৰীসকলে শোভাযাত্ৰা কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ উপায়ুক্তৰ উচৰত স্মাৰকপত্ৰ প্ৰদান কৰে। এই স্মাৰকপত্ৰ পৰৱৰ্তী সময়ত যুটীয়া সংসদীয় কমিটীলৈ প্ৰেৰণ কৰা হ’ব।
প্ৰতিবাদকাৰীসকলে এই বিধেয়কখনক খিলঞ্জীয়া লোকৰ গোষ্ঠীগত বিশেষত্ব, ভাষা, সংস্কৃতিৰ বিনাশক আখ্যা দিছে আৰু কৈছে যে ৰাজ্যখনে আৰু অধিক বিদেশীৰ বোজা আৰু বহন কৰিব নোৱাৰে।
শোণিতপুৰ সাংবাদিক সন্থাৰ সভাপতি আৰু সম্পাদকক্ৰমে সঞ্জীৱ হাজৰিকা আৰু মনোজ কুমাৰ শইকীয়াৰ দ্বাৰা স্বাক্ষৰিত এই স্মাৰকপত্ৰখনত কোৱা হৈছে যে ঐতিহাসিক অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অসমত প্ৰৱেশ কৰা বাংলাদেশী নাগৰিকসকলক বিতাড়িত কৰাৰ বাবে অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল।কিন্তু ১৯৮৫ৰ পৰা চৰকাৰে অসম চুক্তি ৰূপায়ন কৰিবলৈ সক্ষম হোৱা নাছিল আৰু তাৰ ফলত আছুৱে সময়ে সময়ে অসম চুক্তি ৰূপায়ন কৰাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।
স্মাৰকপত্ৰখনত আৰু কোৱা হৈছে যে একেৰাহে তিনিটা কাৰ্যকাল ধৰি শাসনাধিস্থ কংগ্ৰেছ চৰকাৰে অসম চুক্তি ৰূপায়ন কৰাত ব্যৰ্থ হোৱাৰ পাচত অসমৰ বিধানসভা নিৰ্বাচনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস প্ৰদান কৰিছিল যে বিজেপি ক্ষমতালৈ আহিলে সকলো বাংলাদেশীয়ে অসম ত্যাগ কৰিব লাগিব।
আৰু সেয়েহে অসমৰ জনগণে বিজেপিৰ সপক্ষে ৰায়দান কৰি বিজেপিক একক সংখ্যাগৰিষ্ঠ দল হিচাপে ক্ষমতাত অধিষ্ঠিত কৰিছিল।
নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বলৱৎ কৰিবলৈ বিচাৰি যে বিজেপি চৰকাৰে অবৈধ বাংলাদেশীলৈ ৰঙা দলিছা পাৰি দিবলৈ চেষ্টা কৰি আছে সেয়া সাংবাদিক সন্থাটোৰ দৃষ্টিগোচৰ হৈছে।
এই বিধেয়কখনৰ বিৰোধিতা কৰি জ্যেষ্ঠ সাংবাদিক অঞ্জন গোস্বামী, পংকজ কুমাৰ নাথ, পুলক কুমাৰ ডেকা, মনোজ কুমাৰ শইকীয়া আৰু প্ৰণব কুমাৰ শইকীয়াই কৈছে যে যদিহে এই বিধেয়কখন আইনত পৰিণত হয়, তেন্তে অঞ্চলটোৰ বাসিন্দাসকলে নিজৰ স্বকীয়তা হেৰুৱাই পেলাব।