NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ডিমৌত তিনি শতাধিক ৰাইজৰ বৃহৎ জোঁৰ সমদল

May 17, 2018 9:29 pm · হিতোজ্জ্বল চেতিয়া

কেন্দ্ৰীয় বিজেপি চৰকাৰে অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰ জৰিয়তে অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ বিচৰা কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ অসম প্ৰতিবাদমূখৰ হৈ পৰা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ উক্ত বিধেয়কখন বাতিলৰ দাবীত আজি সন্ধিয়া ডিমৌত ৪ টাকৈ সংগঠনৰ উদ্যোগত আৰু আঠাবাৰী চেতিয়া গাঁও, চাংমাই গাঁও, হিলৈদাৰী গাঁৱৰ সমূহ অঞ্চলবাসী ৰাইজৰ সহযোগত জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰা হয়৷

চহিদ আকাশ বৰুৱা সমাধিক্ষেত্ৰৰ পৰা ডিমৌলৈ প্ৰায় ৬ কিলোমিটাৰজোৰা পথত হোৱা প্ৰতিবাদী জোঁৰ সমদল কাৰ্যসূচীত সদৌ টাই আহোম ছাত্র সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, আদিবাসী ছাত্র সন্থা, আৰু অসমীয়া যুৱ মঞ্চৰ বহু নেতা কৰ্মীয়ে এই বিতৰ্কিত বিধেয়কৰ বিৰোধিতাৰে ৰাজপথ উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীটোত উপস্থিত থকা প্ৰায় তিনি শতাধিক প্ৰতিবাদকাৰীয়ে যি কোনো কাৰণতে হিন্দু বাংলাদেশী বিষয়টোৰ ক্ষেত্ৰত আপোচ কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷

প্ৰাক্তন ছাত্র নেতা প্ৰণৱ চেতিয়া, আটাছু শিৱসাগৰ জিলা সমিতিৰ সহকাৰী সম্পাদক নিপন বৰুৱা, আটাছু আঠাবাৰী আঞ্চলিক সমিতিৰ সভাপতি মনোৰঞ্জন চেতিয়া, আটাছু ডিমৌ আঞ্চলিক সমিতিৰ সম্পাদক সুমিত কুমাৰ সন্দিকৈ, অসমীয়া যুৱ মঞ্চ ডিমৌ আঞ্চলিকৰ সম্পাদক ধ্ৰুৱ জ্যোতি বৰুৱা, আদিবাসী ছাত্ৰ সন্থাৰ শিৱসাগৰৰ সভাপতি নৰেন তাঁতী উপস্থিত থাকে আৰু এই বিধেয়কখনক যিকোনো প্ৰকাৰে প্ৰতিহত কৰাৰ লগতে অসমৰ সকলো ৰাইজক এই বিধেয়কখনৰ বিৰুদ্ধে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায়৷

Related News