এগৰাকী অক্লান্ত সেনানী| নিৰ্ভীক চহিদ সাংবাদিক পৰাগ কুমাৰ দাস। ১৯৯৬ চনৰ আজিৰ দিনটোতে এইগৰাকী ডেকা অসমীয়াই প্ৰাণ হেৰুৱাইছিল অচিনাক্ত দুৰ্বৃত্তৰ হাতত|
আজি ২২ তম মৃত্যুবাৰ্ষিকীত সমগ্ৰ অসমতে তেওঁক স্মৰণ কৰা হয়| বিশ্বনাথ চাৰিআলিৰ অন্যতম সামাজিক অনুষ্ঠান জাগৰণৰ তৰফৰ পৰা জাতীয় চহিদ পৰাগ কুমাৰ দাসৰ মৃত্যুবাৰ্ষিকী উপলক্ষে বিশ্বনাথ চাৰিআলিৰ দুয়োটা ট্ৰেফিক পইন্টত বন্তি প্ৰজ্বলন কৰাৰ লগতে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়।