নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বকলীয়াঘাটত আছুৰ উদ্যোগত জোঁৰ সমদল

FB_IMG_1526567398898-266x200

প্ৰতিনিধিত্বমূলক চিত্ৰ

সমগ্ৰ ৰাজ্যখনতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক লৈ উত্তাল পৰিৱেশে বিৰাজ কৰি থকাৰ সময়তে সোমবাৰে কাৰ্বি পাহাৰৰ বকলীয়াঘাট নগৰীত আছুৰ লগতে বিভিন্ন দল সংগঠনৰ সদস্যসকলে বিধেয়ক খনৰ তীব্ৰ বিৰোধিতাৰে সমগ্ৰ অঞ্চলটোৰ আকাশ বতাহ উত্তাল কৰি তোলে।

কালি সন্ধিয়া বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ পৰা কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোঁৰ লৈ বকলীয়াঘাট নগৰী পৰিভ্ৰমণ কৰে। প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বাংলাদেশী গ’ বেক, বিজেপি হায়! হায়! আদি শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

বকলীয়াঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মুকুল হাজৰিকা আৰু আছুৰ কেন্দ্ৰীয় সদস্য ভৱেশ গগৈৰ নেতৃত্বত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সাংবাদিক সকলক উদ্দেশ্যি তেওঁলোকে কয় যে, প্ৰয়োজনত আমি তেজ দিম, কিন্তু হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ নামত বিজেপি চৰকাৰৰ যি জাতিধ্বংসী কাৰ্যকলাপ তাক আমি সফল হ’বলৈ নিদিও।

ইয়াৰ উপৰি ছাত্ৰনেতা দুজনে কয় যে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে অসমে বহু লক্ষ বিদেশীৰ বোজা ইতিমধ্যে বহন কৰি আহিছে। তেনে স্থলত পুনৰ অবৈধ হিন্দু বাংলাদেশীৰ বোজা অসমক জাপি দি মোদি চৰকাৰে কেনে ধৰণৰ অসম প্ৰেমৰ নমূনা দাঙি ধৰিব বিছাৰিছে সেয়া অসমৰ ৰাইজে ভালকৈ বুজিছে।

‘জাতিধ্বংসী এই বিধেয়ক শীঘ্ৰে বাতিল কৰক। অন্যথা অসমৰ ৰাইজৰ ক্ষোভৰ বহি:প্ৰকাশ ঘটিবলৈ হ’লে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰৰকাৰে নিস্তাৰ নাপাব’। এনেদৰে চৰকাৰক সকীয়াই দিয়ে ছাত্ৰনেতা দুগৰাকীয়ে।