NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি মেঘালয় চৰকাৰে ভুল কৰিছে : ৰঞ্জিত দাস

May 28, 2018 6:53 pm · এন ই নাও নিউজ
গুৱাহাটীৰ দিচপুৰস্থিত গড়কাপ্তানী বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰেক্ষাগৃহত আয়োজিত নাগৰিকৰে মত বিনিময় অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী গজেন্দ্ৰ সি সিংঘাৱত আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, ২৮ মে'ত। ফটো : য়ু বি।

নাগৰিকৰ সৈতে মত বিনিময় অনুষ্ঠানতো নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতাৰ সন্মুখীন হ’ল মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সভাপতি ৰঞ্জিত দাস। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰৰ ক্ৰমে চাৰি আৰু দুই বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে ৰাজ্যিক বিজেপিয়ে আজি গুৱাহাটীৰ দিচপুৰত থকা গড়কাপ্তানী বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা নাগৰিকৰ সৈতে মত বিনিময় অনুষ্ঠানত মতা হৈছিল গুৱাহাটীৰ বহু সংখ্যক নাগৰিকক। অসম প্ৰদেশ বিজেপিয়ে আয়োজন কৰা এই অনুষ্ঠানলৈ চৰকাৰৰ কাম-কাজ সম্পৰ্কে মত দিবলৈ দলৰ ফালৰ পৰা নিৰ্বাচন কৰা বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক নিমন্ত্ৰণন কৰা হৈছিল।

আজিৰ অনুষ্ঠানটোত উপস্থিত বেছি সংখ্যক নাগৰিকেই চৰকাৰক কুহুমীয়া সমালোচনাৰে বিভিন্ন পৰামৰ্শ আগ বঢ়ায় যদিও সকলোৱে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত চৰকাৰক অসমীয়া ৰাইজৰ পক্ষত থাকিবলৈ আহ্বান জনায়। বিধেয়কখনে যে অসমীয়া জাতিৰ বাবে ধ্বংসাত্মক পৰিণাম কঢ়িয়াই আনিব সেয়া সকলোৱে স্পষ্টকৈ উল্লেখ কৰে।

অৱশ্যে এই সন্দৰ্ভত মুখ্য মন্ত্ৰীয়ে উপস্থিত নাগৰিকসকলক এন আৰ চি হোৱালৈকে ধৈৰ্য্য ধৰিবলৈ আহ্বান জনায়।

গুৱাহাটীৰ দিচপুৰস্থিত গড়কাপ্তানী বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰেক্ষাগৃহত আয়োজিত নাগৰিকৰে মুখ্য মন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ মত বিনিময় অনুষ্ঠানৰ দৃশ্য, ২৮ মে’ত। ফটো : য়ু বি।

আনহাতে তাৎপৰ্য্যপূৰ্ণভাৱে আজি মত বিনিময় অনুষ্ঠানটোৰ অন্তত বাহিৰলৈ ওলাই আহি সাংবাদিকৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সাংবাদিকৰ আগত কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি মেঘালয় চৰকাৰে ভুল কৰিছে। সাংবাদিকে অসম চৰকাৰেও মেঘালয় চৰকাৰৰ দৰে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ সিদ্ধান্ত ল’ব নেকি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত ৰঞ্জিত দাসে এইদৰে কয়। “মেঘালয় চৰকাৰে ভুল কৰিছে। মেঘালয় চৰকাৰৰ মতামত যুটীয়া সংসদীয় কমিটীয়ে বিচৰা নাছিল। ৰাইজৰ পৰাহে বিচাৰিছিল।” এইদৰে কয় ৰঞ্জিত দাসে।

উল্লেখযোগ্য যে যুটীয়া সংসদীয় কমিটীৰ মেঘালয় ভ্ৰমণৰ আগে আগে মেঘালয়ৰ বিজেপি সমৰ্থিত চৰকাৰখনে কেবিনেট বৈঠক পাতি এই বিধেয়কখনৰ স্পষ্ট বিৰোধিতা কৰিবলৈ সমূহীয়া সিদ্ধান্ত লৈছিল।

আন এটা তাৎপৰ্য্যপূৰ্ণ মন্তব্যত আজি দাসে কয়, “অসম চৰকাৰ এনেকুৱা সিদ্ধান্ত ল’বলৈ অপৰিপক্ব নহয় নহয়।”

মন কৰিব লগীয়া যে আজিৰ মন্তব্যৰ জৰিয়তেই অসম বিজেপি আৰু চৰকাৰ যে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ পক্ষত আছে সেয়া ওলাই পৰে।

Related News