• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা : তৎপৰ বিশ্বনাথ,গহপুৰ প্ৰশাসন

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
June 24, 2018 10:01 am
বিশ্বনাথত সজাগতা সভা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শীঘ্রেই প্ৰকাশ পাবলগীয়া এন আৰ চিৰ সম্পূৰ্ণ খচৰা সম্পৰ্কত সৰ্বসাধাৰণক সজাগ কৰি তোলাৰ উদ্দেশ্যেৰে বিশ্বনাথ জিলা প্ৰশাসন আৰু গহপুৰ মহকুমা প্ৰশাসনে ব্যাপক সজাগতা অভিযান আৰম্ভ কৰিছে।

যোৱা দুদিনত জিলাখনৰ বিভিন্ন প্ৰান্তত এন আৰ চি বিষয়ক কেইবাখনো সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। জিলা আৰু মহকুমা প্ৰশাসনে জিলাখনৰ বিভিন্ন হাট-বজাৰ, চেণ্টাৰ আদি জনসমাগম হোৱা স্থানত হৰ্ডিং আৰু পোষ্টাৰ অঁৰা, মাইকেৰে প্ৰচাৰ চলোৱা, ৰাইজৰ মাজত পুস্তিকা বিতৰণ কৰা আদি কাৰ্যসূচী ব্যাপকভাৱে ৰূপায়ণ কৰিছে।

Apply Now

প্ৰচাৰ কাৰ্যৰ বাবে বিশেষভাৱে সজ্জিত দুখন বাহনো সাজু কৰি তোলা হৈছে। জনসচেতনতা কাৰ্যসূচীৰ অংশ হিচাপেই কালি গহপুৰ আৰু হেলেম ৰাজহ চক্ৰৰ অধীনৰ গাওঁবুঢ়াসকল আৰু গাওঁৰক্ষী বাহিনীৰ সভাপতি-সম্পাদকসকলৰ সৈতে প্ৰশাসন দুখন সুকীয়া  বৈঠকত মিলিত হয়।

বিশ্বনাথ জিলা প্ৰশাসন আৰু সংশ্লিষ্ট ৰাজহ চক্ৰ দুটাৰ উদ্যোগত অনুষ্ঠিত এই দুয়োখন সভাতে অতিৰিক্ত উপায়ুক্ত তথা গহপুৰৰৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডঃ ইন্দ্ৰানসী দাস উপস্থিত থাকে।

আৰক্ষী অধীক্ষক, মহকুমা আৰক্ষী বিষয়া, ৰাজহ চক্ৰ বিষয়া,  স্থানীয় থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আদিৰ উপস্থিতিত অনুষ্ঠিত এই সভাকেইখনত  এন আৰ চিৰ খচৰা তালিকা সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিত সহায় কৰিবলৈ গাওঁবুঢ়াসকল আৰু গাওঁৰক্ষী বাহিনীৰ সভাপতি–সম্পাদকসকলক অনুৰোধ জনোৱা হয়।

তেওঁলোকক প্ৰতিমুহূৰ্ত্ততে সজাগ হৈ থাকিবলৈ কোৱাৰ লগতে শীঘ্রই প্ৰকাশ পাবলগীয়া এন আৰ চিৰ সম্পূৰ্ণ খচৰাত কাৰোবাৰ নাম বাদ পৰিলেও যে কোনো চিন্তাৰ কাৰণ নাই, সেই কথা ৰাইজক বুজাই আশ্বস্ত কৰাৰ দায়িত্বও তেওঁলোকৰ ওপৰত ন্যস্ত কৰা হয়।

উল্লেখযোগ্য যে বিশ্বনাথ জিলাৰ ৬টা এন আৰ চি সেৱা কেন্দ্ৰক অতি স্পৰ্শকাতৰ আৰু ২৩টা কেন্দ্ৰক স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে। এই কেন্দ্ৰসমূহত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা হাতত লোৱা হৈছে।

যিকোনো আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হ’লে আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ-৮১৩৫৮৩৭৬১৪ত যোগোযোগ কৰিবলৈ জিলাৰ আৰক্ষী অধীক্ষকে ইতিমধ্যেই ৰাইজলৈ আহ্বান জনাইছে।

কালিৰ এই সভাকেইখনত হেলেম আৰু গহপুৰ ৰাজহ চক্ৰৰ অধীনৰ প্ৰায়বোৰ গাঁৱৰে গাওঁবুঢ়া আৰু গাওঁৰক্ষী বাহিনীৰ সভাপতি-সম্পাদকসকলৰ উপৰি স্থানীয় ৰাইজো উপস্থিত থাকে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd