নাজিৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

প্ৰতিনিধিত্বমূলক ফটো

শিবসাগৰ জিলাৰ নাজিৰাত আৰক্ষীয়ে অভিযান চলাই শনিবাৰে নিশা জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ। জানিব পৰা মতে নাজিৰা আৰক্ষীৰ এটা দলে কালি নিশা চিৰাজুল হক নামৰ লোক এজনৰ ভাড়াঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ এই ব্যৱসায়ৰ লগত জড়িত এজন লোকক আৰক্ষীয়ে আটক কৰে। আটকাধীন ড্ৰাগছ ব্যৱসায়ীজনৰ নাম গণেশ বাৰ্মা বুলি জানিব পৰা গৈছে।

আৰক্ষী সুত্ৰই জানিবলৈ দিয়া অনুসৰি দীৰ্ঘদিন ধৰি এই লোকজনে চোৰাংভাবে এই ড্ৰাগছৰ ব্যৱসায় চলাই নিছিল। আনহাতে এই অঞ্চলৰ বহুকেইজন যুৱক ড্ৰাগছৰ কবলত পৰি জীৱন ধ্বংস কৰা বুলি স্থানীয় ৰাইজে এক অভিযোগ কৰিছে।

আৰক্ষী সুত্ৰই জানিবলৈ দিয়া মতে জব্দ হোৱা ড্ৰাগছ খিনিৰ মূল্য প্ৰায় ১ লাখ টকা। বৰ্তমান সময়ত ধৃত ড্ৰাগছ ব্যৱসায়ীজনক নাজিৰা আৰক্ষীয়ে ড্ৰাগছৰ মূল ঘাটিটোৰ তথ্য উদ্ধাৰৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।