• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামনি অসমৰ বনাঞ্চলত চোৰাং কাঠ, বালি ব্যৱসায়ীৰ দপদপনি: কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2018 2:15 pm
ATTACHMENT

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নামনি অসমৰ বিশেষকৈ নলবাৰী, বৰপেটা, কামৰূপ আদি কেইবাখনো জিলাৰ বিভিন্ন অঞ্চলত বন বিভাগ তথা আৰক্ষীৰ পূৰ্ন সহযোগত এচাম চোৰাং ব্যৱসায়ীয়ে কাঠ আৰু ৰঙা বালিৰ চোৰাং ব্যৱসায় চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি কামৰূপ গ্ৰাম্য জিলাৰ দক্ষিণত অৱস্থিত প্ৰায় ৭৫ হেজাৰ হেক্টৰ মাটিৰ বিভিন্ন বনাঞ্চলৰ মূল্যৱান শিশু, শাল, চেগুন, গমাৰি ,তিতাচপা, বনচোম আদি মূল্যৱান গছ সমূহ চোৰাং ব্যৱসায়ীয়ে কাটি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উওৰ পাৰৰ হাজো বামুন্দী নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ মুকালমুৱা ,ৰামপুৰ, কাপলাবৰী ,লাৰকুছি আৰু বৰপেটা জিলাৰ বহৰি, মন্দিয়া, হাউলী আদি অঞ্চলত নিয়মীয়াকৈ যোগান ধৰে।

Apply Now

মধ্যভোগী দালাল, চোৰাং ব্যৱসায়ী আৰু বেদখলকালীৰ কবলত সম্প্ৰতি দক্ষিণ কামৰূপৰ ৰাণী, মিৰ্জা, বকো, শিঙৰা লোহাৰঘাট আদি অঞ্চলৰ সেউজীয়া ভূমি বিধ্বস্ত হৈ মৰুভূমিলৈ ৰূপান্তৰিত হোৱাৰ উপক্ৰম হৈছে।

উল্লেখযোগ্য যে বনাঞ্চলৰ ভিতৰত বা সমীপৱৰ্তী অঞ্চলত মাচাং সাজি হাত কৰতেৰে টুকুৰা টুকুৰ কৰি চোৰাং কাঠবোৰ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যন্ত্ৰচালিত নাৱেৰে মুকলিকৈ উত্তৰ পাৰলৈ সৰবৰাহ কৰি আছে দুষ্ট চক্ৰটোৱে।

অনুৰূপভাৱে কুকুৰমাৰা, বকো, ছয়গাঁও, গোৱালপাৰা আদিৰ পৰাও ৰঙা বালিৰ চোৰাং বেহা চলাইছে উক্ত চক্ৰটোৱে। উওৰ পাৰৰ বিভিন্ন ঘাটৰ পৰা মিনি ট্ৰাক, টেম্প’, ঠেলা ,ঘোঁৰাগাড়ীৰে বিভিন্ন ঠাইলৈ সৰবৰাহ কৰা হৈছে চোৰাং কাঠ। দিনদুপৰতে বৰপেটা-দৌলাশাল-হাজো-গুৱাহাটী গড়কাপ্তানী পথেৰেই অবৈধ কাঠ আৰু ৰঙা বালিৰে বোজাই কৰা ট্ৰাক, ঠেলা ,টেম্প’ আদি বন বিভাগ তথা আৰক্ষী প্ৰশাসনৰ সন্মুখেৰে সৰবৰাহ হৈ আছে।

এই ক্ষেত্ৰত বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী, আৰক্ষী আৰু ব্যৱসায়ীৰে গোপন বুজাবুজিৰ সহযোগত ৰমৰমীয়া চোৰাং কাঠৰ ব্যৱসাই চলি আছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে। তদুপৰি নলবাৰী, বৰপেটা জিলাৰ কিছু ঠাইত অবৈধ কাঠফলা মিল গঢ়ি উঠিছে।কিন্তু বিভাগীয় কৰ্তৃপক্ষই এই অবৈধ মিলসমূহ বন্ধ কৰাৰ বিপৰীতে মিলৰ মালিকৰ পৰা মাহিলী চুক্তিত ধন লৈ অবৈধ ব্যৱসায়ত সহযোগিতা কৰা বুলিহে স্থানীয় ৰাইজে অভিযোগ তুলিছে। এই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd