নামবৰ অভয়াৰণ্যত প্ৰচণ্ড ধুমুহা: পথৰ ওপৰত গছ বাগৰাত ৩৯ নং ৰাষ্ট্ৰীয় পথত আৱদ্ধ শ শ যান বাহন

IMG-20180506-WA0038

আজি দুপৰীয়া অহা এজাক বিধ্বংসী ধুমুহাই জোকাৰি গ’ল গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ বিস্তীৰ্ণ অঞ্চল। নামবৰ অভয়াৰণ্য অঞ্চলত দুপৰীয়া অহা এই প্ৰচণ্ড ধুমুহাজাকে বনাঞ্চলখনৰ বহু গছ গছনি ভাঙি তহিলং কৰি বিস্তৰ ক্ষতিসাধন কৰে৷

নামবৰত হোৱা এই ধুমুহাৰ ফলত অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱা ৩৯ নং ৰাষ্ট্ৰীয় পথৰ ওপৰত গছ বাগৰি পৰাত পথটো কিছু সময়ৰ বাবে বন্ধ হৈ পৰে৷ ফলত অভয়াৰণ্যখনৰ মাজত পথৰ ওপৰতে আৱদ্ধ হৈ পৰে শ শ যান বাহন৷

জানিব পৰা মতে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত গছ বাগৰি পৰাৰ বাবে প্ৰায় তিনি ঘন্টাৰ বাবে ডিমাপুৰ, নাগালেণ্ড,  কাৰ্বি আংলং,  সৰুপথাৰৰ লগতে বৰপথাৰৰ লগত গোলাঘাট জিলাৰ পথ যোগাযোগ স্তব্ধ হৈ পৰে৷

ইফালে ধুমুহাৰ অন্তত উক্ত অঞ্চলত বন বিভাগৰ লোক উপস্থিত হৈ স্থানীয় লোক আৰু যাত্ৰীৰ সহযোগত প্ৰায় দুঘন্টাৰ পাচত পথত পৰি থকা গছসমূহ আঁতৰাই যান বাহন চলাচলৰ বাবে পথ মুকলি কৰি দিবলৈ সক্ষম হয়।

ধুমুহা আৰু বৰষুণৰ ফলত নামবৰ সংৰক্ষিত বনাঞ্চলখনৰ ভিতৰত বিস্তৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে যদিও ধুমুহাত কোনো লোক বা যান বাহনৰ ক্ষয় ক্ষতি হোৱা নাই।