নামৰূপত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

IMG-20180501-WA0018

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ সমান্তৰালকৈ সোমবাৰে নিশা জেইপৰে সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে সন্ত্ৰাস চলালে নামৰূপৰ পানীচুকিয়া বনগাঁও অঞ্চলত।

নিশা ১.৩০ মান বজাত বনাঞ্চলৰ পৰা ওলাই অহা হাতীটোৱে পানীচুকিয়া বনগাঁৱত প্ৰৱেশ কৰে। স্থানীয় লোকে হাতীটো উক্ত অঞ্চলৰ পৰা খেদি পঠিয়াবলৈ চেষ্টা চলোৱাৰ সময়তে হাতীটোৰ আক্ৰমণত পানীচুকিয়া বনগাঁৱৰে নিবাসী জোছেফ ওৰাং(৬০) নামৰ লোকজনৰ মৃত্যু ঘটে।

ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে নামৰূপ বন বিভাগত খবৰ দিয়ে। পিছত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত জুই জ্বলোৱাৰ লগতে ফটকা ফুটাই হাতীটো খেদিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে খাদ্যৰ সন্ধানত জাক-জাক বনৰীয়া হাতীয়ে বনাঞ্চলৰ পৰা লোকালয়লৈ নামি আহি বিভিন্ন খাদ্য শস্যৰ খেতি পথাৰ সমূহ তহিলং কৰাৰ লগতে বসতি স্থানৰো ক্ষয় ক্ষতি কৰে যাৰ ফলত মানুহৰ সৈতে সংঘাতৰ সৃষ্টি হয়। ইয়াৰ ফলতে মানুহ আৰু বনৰীয়া হাতীয়ে অস্বাভাবিক মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়।