অসমৰ লগতে দেশজুৰি বৃদ্ধি পোৱা নাৰী নিৰ্য্যাতনৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা নোলোৱাৰ অভিযোগত, নিৰ্য্যাতন প্ৰতিৰোধৰ দাবীত তথা ধৰ্ম আৰু জাতিৰ ভিত্তিত নাৰী নিৰ্য্যাতনৰ মেৰুকৰণ নকৰাৰ আহ্বান জনাই আজি ২১ এপ্ৰিলত গুৱাহাটীত ঐক্যবদ্ধ প্ৰতিবাদ কৰে বহুকেইটা সংগঠনে।
এই দাবীসমূহক লৈ মুখ্য মন্ত্ৰী আৰু প্ৰধান মন্ত্ৰীলৈ কামৰূপ (মহানগৰ) উপায়ুক্তৰ যোগেদি সংগঠনকেইটাই এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
অসমৰ মৰিগাঁও জিলাত এগৰাকী জ্যেষ্ঠ শিক্ষয়িত্ৰীক ধৰ্ষণ কৰি কপিলী নৈত পেলাই দিয়া, নগাঁৱৰ ধিঙত ১৩ বছৰীয়া কিশোৰীক জ্বলাই দিয়া, হাইলাকান্দিত এগৰাকী মহিলাক ধৰ্ষণ কৰি ডিঙি কাটি হত্যা কৰা আৰু গুৱাহাটীত তিনিগৰাকী ছাত্ৰী ধৰ্ষণ কৰি হত্যা কৰাৰ পিছতো ধৰ্ষণকাৰী তথা অন্য অভিযুক্তসকলে বৰ্তমানলৈকে শাস্তি নোপোৱা বুলি অভিযোগ তোলে সংগঠনকেইটাই।
ধৰ্ষণ হত্যাৰ ঘটনাবোৰক ধৰ্ম আৰু জাতিৰ ভিত্তিত মেৰুকৰণ কৰি চৰকাৰে ঘটনাবোৰক অন্যফালে নিয়াৰ চেষ্টা কৰা বুলি অভিযোগ কৰি সংগঠনকেইটাই কয় যে ‘ধৰ্ষণৰ ঘটনাই এনে ৰূপ পাইছেগৈ যে ধৰ্ষণকাৰীৰ সমৰ্থনত বিজেপি দল আৰু ইয়াৰ দুজনকৈ মন্ত্ৰীয়ে প্ৰতিবাদী সমদলত ভাগ লৈছে। উত্তৰ প্ৰদেশৰ উনাওত বিধায়কৰদ্বাৰা ধৰ্ষিতা কিশোৰীৰ পিতৃ ন্যায় বিচাৰি গৈ মৃত্যুমুখত পৰিছে।’
প্ৰতিবাদৰ ফে’ছবুক লাইভ ভিডিঅ’ৰ বাবে ক্লিক কৰক।
প্ৰতিবাদীত অংশগ্ৰহণ কৰা নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ সম্পাদিকা নিয়তি বৰ্মনে কয় ‘প্ৰতিদিনে ধৰ্ষণৰ ঘটনা বৃদ্ধি পাইছে যদিও অপৰাধকাৰীয়ে গুৰুতৰ শাস্তি নোপোৱাৰ বাবে অপৰাধীৰ সংখ্যা বাঢ়ি গৈছে।’
নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা, অসম মহিলা সংঘ, নৰ্থ ইষ্ট নে’টৱৰ্ক, এছ এফ আই, ডি ৱাই এফ আই, এ আই এছ এফ আৰু অসম ছাত্ৰ যুৱ সন্মিলনে প্ৰতিবাদটোৰ আয়োজন কৰিছিল।